কভিডৰ ভেক্‌চিন লোৱা ৯৭.৩৮ শতাংশ লোক সুৰক্ষিত

0
838

কৰ’না মহামাৰীৰ সংহাৰী ৰূপে সমগ্ৰ দেশখন তচ্‌নচ্‌ কৰি পেলাইছে৷ ইয়াৰ পৰিত্ৰাণৰ উপায় হিচাপে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত কেইবাটাও ঔষধ প্ৰতিষ্ঠানে কৰ’না ভাইৰাছৰ ভেক্‌চিন বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে৷ ৰাজ্য চৰকাৰসমূহৰ উদ্যোগত বৰ্তমান সমগ্ৰ দেশতে ভেক্‌চিন প্ৰদানৰ কাম অতি ক্ষিপ্ৰতাৰে চলি আছে৷ ভাৰতস্থিত ঔষধ প্ৰস্তুতকাৰী কোম্পানী ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকে ভেক্‌চিন প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিছে আৰু ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভেক্সিনে সমাদৰ লাভ কৰিছে৷ আনহাতে দিল্লীস্থিত ইন্দ্ৰপ্ৰস্থ এপল’ হাস্পতালে চলোৱা এটা অধ্যয়নৰ পৰা দেখা গৈছে যে কভিডৰ ভেক্‌চিন লোৱাৰ পাছত মাত্ৰ ০.০৬ শতাংশ লোককহে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় আৰু ভেকচিন লোৱাসকলৰ ভিতৰত ৯৭.৩৮ শতাংশই কৰ’না ভাইৰাছৰ পৰা সুৰক্ষিত বুলি দাবী কৰে৷ কভিড ভেকচিন লোৱাৰ পাছত সংক্ৰমণৰ ফ্ৰিকুৱেন্সিৰ মূল্যায়ন কৰিবলৈ চলোৱা অধ্যয়নটোৰ ফলাফল চিকিৎসালয়খনে প্ৰকাশ কৰিছে৷ অধ্যয়নটো চলোৱা হৈছিল কভিশ্বিল্ড ইনজেকশ্যন লোৱাৰ প্ৰথম ১০০ দিনৰ ভিতৰত কভিড-১৯ৰ লক্ষণ দেখুওৱা দিল্লীৰ ইন্দ্ৰপ্ৰস্থ  এপল’ হাস্পতালৰ স্বাস্থ্যকৰ্মীসকলক লৈ৷ অধ্যয়নটোৰ বিতং ফলাফল চিকিৎসা বিজ্ঞানৰ এখন আলোচনীত প্ৰকাশ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here