কভিডৰ পৰা আৰোগ্য হোৱাৰ ৩ মাহৰ পাছত ভেক্‌চিন ল’ব লাগে

0
742


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে কভিড-১৯ত আক্ৰান্ত হোৱাসকলে আৰু কভিড-১৯ৰ ভেক্‌চিনৰ প্ৰথমটো ড’জ লোৱাৰ পাছত এই ৰোগত আক্ৰান্ত হোৱাসকলে সম্পূৰ্ণ আৰোগ্য লাভ কৰাৰ তিনি মাহৰ পাছতহে ভেক্‌চিন ল’ব লাগে৷ তদুপৰি সন্তানক গাখীৰ খুৱাই থকা সকলো মহিলাই কভিডৰ ভেক্‌চিন ল’ব পাৰে আৰু ভেক্‌চিন লোৱা বা কভিড হোৱাৰ পাছত আৰ টি পি চি আৰ টেষ্টিং নিগেটিভ পোৱাৰ ১৪ দিনৰ পাছত যিকোনো ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে৷ নেশ্যনেল এক্সপাৰ্ট গ্ৰুপ অন ভেক্‌চিন এডমিনিষ্ট্ৰেশ্যন ফৰ কভিড-১৯ চমুকৈ এন ই জি ভি এ চি-এ দিয়া নতুন পৰামৰ্শৰ ভিত্তিত স্বাস্থ্য মন্ত্ৰ্যালয়ে এই সিদ্ধান্ত লৈছে আৰু ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জনোৱা হৈছে৷ এটা চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে৷ মন্ত্ৰ্যালয়ে কয় যে কোনোবা ব্যক্তি যদি কভিড-১৯ত আক্ৰান্ত হয় আৰু পৰীক্ষাত আৰোগ্য লাভ কৰা বুলি প্ৰমাণ হয়, তেন্তে তাৰ তিনি মাহৰ পাছতহে তেনে ব্যক্তিয়ে ভেক্‌চিন ল’ব লাগে৷ তদুপৰি কভিডৰ বাদে আন যিকোনো গুৰুতৰ অসুখৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হোৱা বা আই চি ইউত ৰাখিবলগীয়া হোৱা লোকেও আৰোগ্য লাভ কৰাৰ পাছত ৪–৮ সপ্তাহ অপেক্ষা কৰিহে ভেক্‌চিন ল’ব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here