কভিডৰ নতুন ৰূপৰ বিৰুদ্ধে কভেক্সিন যথেষ্ট কাৰ্যকৰী

0
1405

কভিড ভেক্‌চিন লোৱাৰ ক্ষেত্ৰত এতিয়াও এচামৰ মাজত সন্দেহ ঘনীভূত হোৱাৰ সময়তে এক অধ্যয়নত প্ৰকাশ পাইছে যে কভিডৰ নতুন ৰূপৰ বিৰুদ্ধে কভেক্সিন যথেষ্ট কাৰ্যকৰী৷ নেশ্যনেল ইন্‌ষ্টিটিউট অব্‌ ভাইৰ’লজি আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰৰ সহযোগত ক্লিনিকেল ইনফেকচাছ ডিজিজেজে চলোৱা এক অধ্যয়নৰ পৰা জানিব গৈছে যে ভাৰতস্থিত ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভিড-১৯ৰ ভেক্‌চিন কভেক্সিন কভিড-১৯ৰ সকলো নতুন ৰূপৰ বিৰুদ্ধে কাৰ্যকৰী৷ নতুন ৰূপবোৰৰ ভিতৰত ডাবল মিউটেণ্ট ষ্ট্ৰেইন বি.১.৬১৭ আৰু বি ১.১.৭-ও আছে৷ ক্লিনিকেল ইনফেকচাছ ডিজিজেজ নামৰ আলোচনীখনে নতুন অধ্যয়নটোৰ ফলাফল প্ৰকাশ কৰে৷ উল্লেখ্য যে যোৱা সপ্তাহত মাৰ্কিন ৰাষ্ট্ৰপতিৰ স্বাস্থ্য উপদেষ্টা ডাঃ এন্থনী ফাউচিয়ে উল্লেখ কৰিছিল যে ভাৰতত প্ৰস্তুত কৰা কভেক্সিনে ভাৰতীয় প্ৰজাতিৰ কৰ’না ভাইৰাছক ৰোধ কৰিবলৈ সক্ষম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here