কভিডৰ তৃতীয় ঢৌ প্ৰতিহত কৰিব পৰা যাব: ডাঃ ভি কে পাল

0
975
দেশত কৰ’নাৰ তৃতীয়টো ঢৌক প্ৰতিহত কৰিব পৰা যাব৷– নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে এনেদৰে কয়৷ তেওঁ কয় যে যদিহে সতৰ্কতা অৱলম্বন কৰা হয় আৰু অধিকাংশ লোকৰ টিকাকৰণ কৰা হয় তেতিয়া কৰ’নাৰ তৃতীয়টো ঢৌ প্ৰতিহত কৰিব পৰা যাব৷ তেওঁৰ মতে কৰ’নাৰ তৃতীয়টো ঢৌ প্ৰতিহত কৰিবলৈ হ’লে সকলোৱে কৰ’নাৰ নিয়মসমূহ পালন কৰিব লাগিব৷ তেওঁ দেশৰ অৰ্থ ব্যৱস্থা আৰু স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ আৰু দেশক সক্ষম কৰি তোলাৰ বাবে ক্ষিপ্ৰতাৰে টিকাকৰণৰ প্ৰয়োজন বুলি কয়৷ পালে কয় যে সামাজিক জীৱন অব্যাহত ৰখা, স্কুল খোলা, ব্যৱসায় খোলা আৰু আমাৰ অৰ্থনীতিৰ উন্নয়ন হ’বলৈ হ’লে ক্ষিপ্ৰতাৰে টিকাকৰণ হ’ব লাগিব আৰু নাগৰিকে ইয়াত সহযোগ কৰিব লাগিব৷ উল্লেখ্য যে দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই অলপতে এইবুুলি কৈছিল যে দেশত সকলোৱে কভিড-১৯ নীতি-নিয়মসমূহ সঠিকভাৱে পালন নকৰিলে, কভিডৰ প্ৰতিৰোধ নকৰিলে দেশত ৬-৮ সপ্তাহৰ ভিতৰত কৰ’নাৰ তৃতীয়টো ঢৌ অনিবাৰ্য৷ ইফালে আগশাৰীৰ ভাইৰ’লজিষ্ট ড॰ জেকব জনৰ মতে, যেতিয়ালৈকে দেশত কৰ’নাৰ নতুন ভেৰিয়েণ্টৰ সৃষ্টি নহয়, তেতিয়ালৈকে তৃতীয় ঢৌ নাহে৷ তেওঁৰ মতে, বৰ্তমানৰ ভেৰিয়েণ্টে সংক্ৰমণ নতুনকৈ বৃদ্ধি কৰিব নোৱাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here