কভিডৰ তৃতীয় ঢৌৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় গণ টিকাকৰণ : আই এম এ

0
2052
ভাৰতীয় চিকিৎসা সন্থা চমুকৈ আই এম এ-এ এইবুলি সকীয়াই দিয়ে যে কভিড-১৯ৰ তৃতীয়টো ঢৌৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায়টো হ’ল টিকাকৰণ৷ আই এম এ-এ লগতে পৰামৰ্শ দিয়ে যে কভিড-১৯ৰ গণ টিকাকৰণ অভিযান চলাবই লাগিব৷ আই এম এৰ সভাপতি ডাঃ জে এ জয়লালে সংবাদ প্ৰতিষ্ঠান এ এন আইক কয় যে তৃতীয়টো ঢৌৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় টিকাকৰণ৷ আমি যদি গণ টিকাকৰণত জোৰ নিদিওঁ, তেন্তে তৃতীয়টো ঢৌৰ সন্মুখীন হোৱাটো নিৰাপদ নহয় আৰু তৃতীয়টো ঢৌ আহিবই৷ গণ টিকাকৰণ কৰিব লাগিব৷ কেন্দ্ৰই সৰ্বাধিক ভেক্‌চিন আহৰণ কৰিবই লাগিব, বিকেন্দ্ৰীকৰণ কৰিব লাগিব আৰু আনকি ঘৰে ঘৰে গৈ টিকা দিয়াৰো ব্যৱস্থা কৰিব লাগিব৷ ডাঃ জয়লালে কয় যে ভাৰতে এই প্ৰক্ৰিয়া দ্ৰুত কৰা উচিত আৰু কেইমাহমানৰ ভিতৰত ৬০-৭০% টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰা উচিত৷ কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাসকল ভেক্‌চিনৰ বাবে ছমাহ অপেক্ষা কৰিব লাগিব আৰু ইমান দীঘলীয়া সময়ৰ অপেক্ষাত তেওঁ উদ্বেগ প্ৰকাশ কৰে৷ ডাঃ জয়লালে কয় যে কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাসকলে কেতিয়া ভেক্‌চিন লোৱা উচিত সেই বিষয়ে বিবাদ হৈছে৷ তেওঁলোকক ছমাহ অপেক্ষা কৰিবলৈ দিয়াটো তেওঁলোকৰ বাবে এটা ভাবুকি, তেওঁলোকৰ ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here