কভিডৰ কি দুটা নতুন ঔষধ উদ্ভাৱন?

0
1167

কভিড-১৯ৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বিজ্ঞানীসকলে দুটা নতুন ঔষধ উলিয়াইছে৷ এই নতুন ঔষধ দুটাই কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব আৰু লগতে নভেল কৰ’না ভাইৰাছৰ সংস্পৰ্শলৈ অহা লোকসকলৰ চিকিৎসা কৰা হ’ব৷ যাতে তেওঁলোকৰ ৰোগ গুৰুতৰ হৈ নপৰে৷ অষ্ট্ৰেলিয়াৰ কিউ আই এম আৰ বাৰ্গোদাৰ মেডিকেল ৰিচাৰ্ছ ইন্‌ষ্টিটিউটৰ গৱেষকসকলে উদ্ভাৱন কৰা ঔষধ দুটা ফ্ৰান্সৰ আই ডি এম আই টি নামৰ প্ৰি-ক্লিনিকেল আৰু ক্লিনিকেল ৰিছাৰ্চ প্ৰতিষ্ঠানত পৰীক্ষা কৰি থকা হৈছে৷ ঔষধ দুটাৰ প্ৰাথমিক প্ৰামাণিক ফল প্ৰকাশ পাইছে নেচাৰ চে’ল ডিস্কভাৰী নামৰ জাৰ্নেলখনত৷ জনা মতে ঔষধ দুটা টক্সিক নহয় আৰু পাশ্বৰ্ক্ৰিয়া খুব কম৷ আনহাতে ঔষধ দুটা ঘৰৰ ভিতৰত সাধাৰণ উষ্ণতাতে ৰাখিব পাৰি৷ এই দুটা পেপটাইড-বেছ্‌ড প্ৰথম ঔষধ৷ প্ৰথমটো ঔষধ দিয়া হ’ব ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ আগতে  আৰু ই ভেক্‌চিনবোৰৰ কাৰ্যকাৰিতা বৃদ্ধিত সহায় কৰিব৷ দ্বিতীয়টো ঔষধে ইতিমধ্যে সংক্ৰমণ হোৱা কোষবোৰত ভাইৰাছ বিয়পি পৰা বন্ধ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here