কভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা O Blood Group-অৰ লোকৰ ক্ষেত্ৰত কিয় কম ?

0
1968

মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত আজি সমগ্ৰ বিশ্বতে নেতিবাচক প্ৰভাৱ পৰিছে; যাৰ ফল ভোগ কৰিবলগা হৈছে গোটেই বিশ্বৰ নাগৰিকে। তাৰ মাজতে কৰ’না মহামাৰীক লৈ পৃথিৱীৰ বিজ্ঞানীসকলে গৱেষণা তথা অধ্যয়ন অব্যাহত ৰাখিছে। এইসমূহ গৱেষণাৰ তথা অধ্যয়নৰ পৰা দেখা গৈছে যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশেষ কিছুমান কাৰকে প্ৰভাৱ পেলায়। তেনেকুৱা তিনিটা অধ্যয়নত দেখা গৈছে যে O blood group-অৰ লোক কভিড-১৯অত আক্ৰান্ত হোৱাৰ সংখ্যা যথেষ্ট কম। গোটেইকেইটা অধ্যয়নতে কোৱা হৈছে যে O blood group-অৰ লোক কভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা এ, এবি বা অন্য O blood group-অৰ লোকৰ ক্ষেত্ৰত যথেষ্ট কম। চীনত হোৱা এক অধ্যয়নত কোৱা হৈছে– O blood group-অৰ লোকৰ তেজত অধিক পৰিমাণে প্ৰ’টিন থকাৰ বাবে এনে তেজৰ লোকৰ শৰীৰত কৰ’না ভাইৰাছে সহজে খোপনি পোতিব নোৱাৰে। আনহাতে A blood group-অৰ তেজৰ লোকসকল ক’ভিডত আক্ৰান্ত হ’লে, খুব কম সময়তে তেনে লোকৰ শৰীৰত গুৰুতৰ লক্ষণে দেখা দিয়ে। আন এক অধ্যয়নত প্ৰকাশ যে O blood group-অৰ লোকসকল কভিড-১৯-অৰ পৰা অধিক সুৰক্ষিত হয়। কলম্বিয়া বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে কৰা এটা অধ্যয়নৰ মতে O blood group-অৰ লোক যদি ক’ভিডত আক্ৰান্ত হয়, তেনেহ’লে তেনে লোকৰ ক্ষেত্ৰত সংক্ৰমণৰ পৰা আহিব পৰা ভয়াৱহতা আৰু অংগ বিকল হোৱাৰ সম্ভাৱনা যথেষ্ট কম; কিন্তু অন্য blood group-অৰ লোকৰ ক্ষেত্ৰত সংক্ৰমণৰ হাৰ অধিক হোৱা দেখা যায়। অৱশ্যে এতিয়াও তেজৰ group-অৰ সৈতে কভিডৰ সম্পৰ্কক লৈ হোৱা অধ্যয়নবোৰৰ পৰ্যালোচনা অব্যাহত আছে।

Post Settings

GeneralSmart ListReviews

LEAVE A REPLY

Please enter your comment!
Please enter your name here