কভিডকালীন পৰিস্থিতিত টাটা, ৰিলায়েন্সে যোগান ধৰিব অক্সিজেনৰ

0
983

৭০০ টন অক্সিজেন প্ৰায় ৭০ হাজাৰ ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হ’ব৷

দেশৰ অন্যতম বৃহৎ ব্যাৱসায়িক প্ৰতিষ্ঠান টাটা গ্ৰুপে ২০২০ বৰ্ষত কৰ’না মহামাৰীৰ জটিল সময়ত চীন, আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ পৰা এক বৃহৎ পৰিমাণৰ ভেণ্টিলেটৰ, পিপি ই কিট, মাস্ক, গ্ল’ভছ আদি আমদানি কৰি জনসাধাৰণক উপকৃত কৰাৰ কথা চাগে আপোনাৰ নিশ্চয় মনত আছে৷ এইবাৰ পুনৰ টাটা গ্ৰুপে কৰ’নাৰ দ্বিতীয়টো ঢৌৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এক বৃহৎ পৰিমাণৰ অক্সিজেন পৰিবহণৰ কথা ঘোষণা কৰে৷ শেহতীয়াকৈ টাটা গ্ৰুপে বিদেশৰ পৰা জুলীয়া অক্সিজেন এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ব্যৱহৃত ২৪টাকৈ ক্ৰায়’গেনিক কণ্টেইনাৰ আমদানি কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে৷ প্ৰতিষ্ঠানটোৱে কভিড পৰিস্থিতি সন্দৰ্ভত কয় যে এই কণ্টেইনাৰসমূহৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্যলৈ কভিড-১৯ চিকিৎসাৰ বাবে অক্সিজেনৰ যোগান ধৰিব পৰা যাব৷ কভিডৰ এই দেশজুৰি চলা যুঁজখনত বিপদৰ সময়ছোৱাত প্ৰতিষ্ঠানটোৱে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে টাটা গ্ৰুপক ধন্যবাদ জনায় আৰু এই পদক্ষেপৰ শলাগ লয়৷ ইয়াৰ সমান্তৰালকৈ Reliance Industries Limited ও কভিড প্ৰভাৱিত ৰাজ্যসমূহলৈ দৈনিক ৭০০ টন অক্সিজেন যোগান ধৰাৰ কথা ঘোষণা কৰে৷ অৰ্থাৎ এই ৭০০ টন অক্সিজেন প্ৰায় ৭০ হাজাৰ ৰোগীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here