কৰ্পূৰ: চুলি সৰা সমস্যাৰ পৰা চৰ্দিৰ উপশমলৈকে…..

0
1280


কৰ্পূৰ– পাকঘৰৰ এবিধ অত্যাৱশ্যকীয় সামগ্ৰী৷ পায়স, নাৰিকলৰ লাড়ু, চুজি আদি বিভিন্ন ব্যঞ্জনত কৰ্পূৰ দিলে তাৰ সোৱাদেই সুকীয়া হয়৷ ইয়াৰ উপৰি কৰ্পূৰে আমাৰ বিভিন্ন ধৰণে উপকাৰ সাধন কৰে৷ কিদৰে কৰ্পূৰে আমাক সহায় কৰে জানো আহক৷


(১) কৰ্পূৰে ভাল ৰূম ফ্ৰেশ্বনাৰ হিচাপে কাম কৰে৷ ঘৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰিবলৈ এটা পাত্ৰত কৰ্পূৰ ৰাখক৷ দেখিব কিছু সময়ৰ পাছতেই ঘৰৰ দুৰ্গন্ধ নোহোৱা হৈছে৷


(২) ঘৰত মহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ চুক-কোণত কৰ্পূৰ ৰাখিব পাৰে৷ এনেদৰে ৰাখিলে মহৰ পৰা হাত সাৰিব পাৰি৷


(৩) ঘৰৰ চৌহদৰ পৰা পৰুৱা আঁতৰাবলৈ কৰ্পূৰ ব্যৱহাৰ কৰক৷ ক্ষতিকাৰক কীটনাশকৰ পৰিৱৰ্তে পানীত মিশ্ৰণ কৰি ঘৰৰ কোণত ছটিয়াই দিয়ক৷ নিমিষতে পৰুৱাৰ উপদ্ৰৱ কমিব৷


(৪) চুলি সৰা বা চুলিৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰ্পূৰ ব্যৱহাৰ কৰিব পাৰে৷ মূৰত তেলৰ সৈতে কৰ্পূৰ মিহলি কৰি লগাওক৷ চুলি সৰা সমস্যা বহুগুণে লাঘৱ হ’ব৷ এই তেলৰ মিশ্ৰণ মূৰত লগালে চুলিৰ গুৰি মজবুত হোৱাৰ লগতে উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

Haircare Tips:-Make camphor oil at home in this way, will get rid of dandruff | NewsCrab


(৫) শিশুৰ ঠাণ্ডা লাগিলে বা বুকুত কফ জমা হ’লে নাৰিকল তেলৰ সৈতে কৰ্পূৰ মিহলাই অলপ গৰম কৰি ঠাণ্ডা হ’বলৈ দি সেই তেলেৰে বুকু-পিঠিত মালিচ কৰক৷ শিশু এই সমস্যাৰ পৰা দ্ৰুতগতিত আৰোগ্য হৈছে৷


(৬) গডৰেজ বা বাকচত থোৱা কাপোৰৰ মাজত কৰ্পূৰ ৰাখিলে কাপোৰৰ ভেকেটা-ভেকেট গোন্ধ আঁতৰ হোৱাৰ লগতে পোক-পৰুৱাই কুটিব নোৱাৰে৷


(৭)মুখৰ ব্ৰনৰ দাগ নিৰাময়ৰ বাবে কৰ্পূৰ অত্যন্ত উপযোগী৷ কেইফোটমান কৰ্পূৰ নাৰিকল তেল বা অলিভ অইলৰ সৈতে মিহলাই মুখত ওলোৱা ব্ৰনত লগালে ব্ৰন ওলোৱা বন্ধ হয় লগতে ব্ৰনৰ দাগো নাইকিয়া হৈ যায়৷

कपूर के चौंकानेवाले फायदे - जाने | Remove Pimples Using Camphor - YouTube


(৮) কৰ্পূৰৰ গোন্ধে মানসিক চাপ কমাই ৰখাত সহায় কৰে৷ এটা পাত্ৰত অলপ কৰ্পূৰ শোৱাকোঠাত ৰাখক৷ ইয়াৰ গোন্ধে ক্লান্তি-অৱসাদ দূৰ কৰে আৰু ভাল টোপনি অহাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here