ক’ত ধৰা পৰিল ঔষধৰ গুণাগুণ নষ্ট কৰা ভেঁকুৰ ? Where has fungus that destroys medicines been found?

0
1075

কভিড-১৯ৰ সংক্ৰমণ এতিয়াও দেশত নোহোৱা হোৱা নাই৷ কভিডৰ মহাসংকটৰ মাজতে কেইবা প্ৰকাৰৰ ভেঁকুৰৰ সংক্ৰমণে মানৱ জীৱনলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷ ইয়াৰ মাজতে দেশত পোন প্ৰথমবাৰৰ বাবে ধৰা পৰিছে ঔষধৰ গুণাগুণ নষ্ট কৰিব পৰা ভেঁকুৰৰ উপস্থিতি৷ এই ভেঁকুৰবিধৰ সংক্ৰমণৰ ফলত এইমছৰ ইতিমধ্যে দুজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ মৃত্যু হোৱা লোক দুজনে দীৰ্ঘদিন ধৰি হাঁওফাঁওৰ ৰোগত ভুগি আছিল৷ এছপাৰজিলাছ লেণ্ট্ৰলছ নামৰ ভেঁকুৰবিধৰ উপস্থিতিয়ে ইতিমধ্যে এইমছৰ চিকিৎসকক বিবুধিত পেলাইছে৷ কিয়নো এই ভেঁকুৰবিধে ঔষধৰ গুণাগুণ নষ্ট কৰি পেলায়৷ ইয়াৰ প্ৰভাৱত ৰোগাক্ৰান্তৰ হাঁওফাঁওলৈ যোৱা ঔষধৰ প্ৰভাৱ নষ্ট কৰাৰ ফলত ৰোগীৰ মৃত্যুপৰ্যন্ত হয়৷ এই ভেঁকুৰবিধ ২০০৫ চনত বিশ্বত প্ৰথমবাৰলৈ ধৰা পৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here