ক’উইনত চাৰিটা সংখ্যাৰ ছিকিউৰিটি ক’ড প্ৰৱৰ্তন

0
1524

হিতাধিকাৰীজন ভেক্‌চিনৰ বাবে যোগ্য বুলি বিবেচিত হ’লে ভেক্‌চিন দিয়াৰ আগতে ভেক্‌চিন দিওঁতাজনে হিতাধিকাৰীজনক তেওঁৰ চাৰিটা সংখ্যাৰ ক’ডটো সুধিব আৰু তাৰ পাছত ক’উইন ছিষ্টেমত সেইটো ভৰাই দিব৷

কভিড-১৯ৰ টিকাকৰণৰ অৱস্থা বা পৰ্যায়ৰ বা ভেক্‌চিনেশ্যন ষ্টেটাছৰ বিষয়ে ডাটা এণ্ট্ৰিত ভুল কমাবলৈ ৮ মে’ৰ পৰা ক’উইন ছিষ্টেমত চাৰিটা সংখ্যাৰ এটা ছিকিউৰিটি ক’ড প্ৰৱৰ্তন কৰা হ’ব৷ এই ব্যৱস্থাই নাগৰিকসকলৰ অসুবিধা কমাব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা কয়৷ মন্ত্ৰ্যালয়ে কয় যে এইটো লক্ষ্য কৰা হৈছে যে ক’উইন পৰ্টেলৰ যোগেদি কভিড-১৯ৰ ভেক্‌চিনৰ বাবে এপইণ্টমেণ্ট লোৱা কিছুমান নাগৰিক নিৰ্দিষ্ট তাৰিখত ভেক্‌চিন ল’বলৈ যোৱা নাই৷ কিন্তু তেওঁলোকক ভেক্‌চিন দিয়া হ’ল বুলি এছ এম এছ পাইছে৷ পৰীক্ষা কৰি দেখা গৈছে যে ভেক্‌চিন দিয়া লোকসকলে তেনে নাগৰিকসকলক ভেক্‌চিন দিয়া হ’ল বুলি ভুলকৈ চিহ্নিত কৰাৰ কাৰণেই সেইটো হৈছে৷ এইটো ভেক্‌চিন দিওঁতাৰ ডাটা এণ্ট্ৰি এৰ’ৰ৷ সেই কাৰণে এতিয়াৰ পৰা ক’উইন এপ্লিকেশ্যনত চাৰিটা সংখ্যাৰ এটা ছিকিউৰিটি ক’ড প্ৰৱৰ্তন কৰা হ’ব৷ হিতাধিকাৰীজন ভেক্‌চিনৰ বাবে যোগ্য বুলি বিবেচিত হ’লে ভেক্‌চিন দিয়াৰ আগতে ভেক্‌চিন দিওঁতাজনে হিতাধিকাৰীজনক তেওঁৰ চাৰিটা সংখ্যাৰ ক’ডটো সুধিব আৰু তাৰ পাছত ক’উইন ছিষ্টেমত সেইটো ভৰাই দিব৷ সেইটো হ’লে টিকাকৰণৰ ষ্টেটাছ শুদ্ধভাৱে তালিকাভুক্ত হ’ব৷ টিকা ল’বৰ বাবে অনলাইনত শ্লট্‌ বুক কৰাসকলৰ বাবেহে এই নতুন ব্যৱস্থা প্ৰযোজ্য হ’ব৷ চাৰিটা সংখ্যাৰ ছিকিউৰিটি ক’ডটো এপইণ্টমেণ্ট শ্লিপত প্ৰিণ্ট কৰা হ’ব আৰু ভেক্‌চিন দিওঁতাজনে নাজানিব৷ কনফাৰমেশ্যন এছ এম এছতো ক’ডটো দিয়া থাকিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here