ওজন হ্ৰাস কৰিবলৈ কিধৰণৰ খাদ্য খাব?

0
1775

বৰ্তমান সময়ত মেদবহুলতা বা শাৰীৰিক ওজন বৃদ্ধিৰ সমস্যা ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ শাৰীৰিক কষ্ট নকৰা, জাংকফুড অত্যধিক পৰিমাণে খোৱা আদি বিভিন্ন কাৰকে মেদবহুলতাৰ প্ৰধান অন্তৰায় হিচাপে দেখা দিছে৷ যাৰ ফলস্বৰূপে বিভিন্ন বেমাৰে আমাক আক্ৰমণ কৰিবলৈ সুবিধা পায়৷ সেয়ে কেনেকৈ এই সমস্যাৰ পৰা হাত সাৰিব পাৰি বা কি খাদ্য খালে আমি মেদবহুলতাৰ পৰা ৰক্ষা পাব পাৰোঁ, সেই বিষয়ে আলোচনা আগবঢ়োৱা হ’ল–

(১) মাহজাতীয় শস্য যথেষ্ট পৰিমাণে প্ৰ’টিন আৰু আঁহেৰে সমৃদ্ধ৷ এনে শ্ৰেণীৰ শস্যই আমাক কাৰ্বহাইড্ৰেট যোগান ধৰাৰ উপৰি শৰীৰত মেটাবলিজম বঢ়োৱাত সহায় কৰে৷ সেয়ে মাহজাতীয় শস্য শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ যথেষ্ট পৰিমাণে খাব লাগে৷
(২) গ্ৰীন টী আমাৰ শৰীৰৰ বাবে এবিধ লাগতিয়াল পানীয়৷ গ্ৰীন টীত ই জি চি জি নামৰ এক উপাদান থাকে৷ এই উপাদানবিধে শৰীৰৰ মেটাবলিজম বঢ়োৱাৰ লগতে কেলৰি বাৰ্ন কৰে৷ ইয়ে মেদবহুলতাৰ সমস্যা বহুখিনি সমাধান কৰে৷
(৩) ভিটামিন-চিয়ে আমাৰ শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷ ভিটামিন-চিযুক্ত যেনে– নেমু, কমলা, মৌচুমী আদি টেঙাজাতীয় ফলবোৰ নিয়মিতৰূপে খালে শৰীৰৰ ওজন হ্ৰাস পায়৷ এনেধৰণৰ ফলবোৰে শৰীৰৰ চৰ্বি কমোৱাত আন খাদ্যতকৈ ৩০ শতাংশৰো বেছি কাম কৰে৷
(৪) গাখীৰত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে৷ সেয়ে শৰীৰৰ চৰ্বি কমোৱাত গাখীৰ খাব লাগে৷ গাখীৰৰ পৰা উৎপন্ন হোৱা খাদ্যবোৰ চৰ্বিমুক্ত হোৱাৰ লগতে দেহত পুনৰ চৰ্বি হোৱাত বাধা প্ৰদান কৰে৷
(৫) আপেল আঁহযুক্ত হোৱাৰ বাবে হজম শক্তি বঢ়োৱাত অৰিহণা যোগায়৷ ভিটামিন-চিৰে সমৃদ্ধ আপেলে শৰীৰৰ মেদবহুলতাৰ সমস্যা দূৰ কৰাত সহায় কৰে৷
(৬) কল খালেও শৰীৰৰ ওজন হ্ৰাস পায়, যিহেতু কলত পটেচিয়াম যথেষ্ট পৰিমাণে থাকে¸৷
(৭) ষ্ট্ৰ’বেৰিয়ে শৰীৰত শৰ্কৰাৰ পৰিমাণ সঠিক পৰিমাণে ৰাখি শৰীৰৰ ওজন কমোৱাত সহায় কৰে লগতে ষ্ট্ৰ’বেৰি এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ৷
(৮) বন্ধাকবিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ আৰু আঁহ পোৱা যায়৷ এইবিধ পাচলি যিহেতু কলেষ্টৰেলমুক্ত, গতিকে আমাৰ চৰ্বি কমোৱাত বন্ধাকবিয়ে অৰিহণা যোগায়৷
(৯) জলকীয়াই শৰীৰত মেটাবলিজম বৃদ্ধি কৰে আৰু ভোক কমাই বাবে ওজন হ্ৰাস হোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here