ওজন হ্ৰাস কৰাৰ সময়ত নকৰিব এনেকুৱা ভুল

0
933
শৰীৰৰ ওজন বৃদ্ধিয়ে দৈনন্দিন জীৱনত নানান সমস্যাৰ সৃষ্টি কৰে৷ সেয়েহে মানুহে ওজন হ্ৰাস কৰাৰ বিভিন্ন উপায় অৱলম্বন কৰে যদিও কেতিয়াবা ইয়াৰ সুফল লাভ কৰাত পলম হয়৷ আকৌ কেতিয়াবা বছৰ বছৰ ধৰি চেষ্টা কৰিও ইয়াৰ ফল লাভ কৰিবলৈ সক্ষম নহয়৷ ইয়াৰ আঁৰত থাকিব পাৰে আপুনি দৈনন্দিন জীৱনত কৰা কিছুমান ভুল৷ কেনেধৰণৰ ভুল জানো আহক৷

[১] ওজন হ্ৰাস কৰাৰ বাবে কেতিয়াবা কিছুমান মানুহে খাদ্য খাবলৈ এৰি দিয়ে৷ কিন্তু এনে কৰাটো একেবাৰে উচিত নহয়৷ বিশেষজ্ঞৰ মতে যিকোনো এটা ডায়েট অনুসৰণ কৰাৰ সময়ত মগজুৱে ভাবি লয় যে শৰীৰত কিবা অসুবিধাৰ সৃষ্টি হৈছে আৰু শৰীৰে ভোক-পিয়াহ লগা কমকৈ অনুভৱ কৰিবলৈ লয়৷ ফলস্বৰূপে শৰীৰৰ অন্য অংগসমূহৰ কাৰ্যক্ষমতাৰ গতি লেহেমীয়া হ’বলৈ ধৰে৷ ফলত ওজন হ্ৰাস কৰিবলৈ গৈ হিতে বিপৰীত হ’বলৈ ধৰে৷

10 Intermittent Fasting Benefits: Weight Loss, Cell Repair & More


[২] বহু ক্ষেত্ৰত ডায়েটিচিয়ানে ওজন হ্ৰাস কৰাৰ বাবে কিছুমান বিশেষ খাদ্যবস্তু ডায়েটত অন্তৰ্ভুক্ত কৰিবলৈ মানা কৰে৷ কিন্তু কিছুমান মানুহে ডায়েটিচিয়ানে কোৱাতকৈও বেছিকৈ নিজৰ ডায়েটত কাৰ্বহাইড্ৰেট, প্ৰ’টিন অথবা অন্য প্ৰয়োজনীয় উপাদান অন্তৰ্ভুক্ত কৰিবলৈ এৰি দিয়ে, যিটো একেবাৰে উচিত নহয়৷ বিশেষজ্ঞৰ মতে প্ৰত্যেকটো প্ৰয়োজনীয় উপাদান সামান্য পৰিমাণে হ’লেও নিজৰ ডায়েটত অন্তৰ্ভুক্ত কৰা উচিত৷


[৩] বিশেষজ্ঞৰ মতে ওজন হ্ৰাস কৰাৰ প্ৰক্ৰিয়াত ভাল টোপনি উল্লেখনীয়৷ যি ব্যক্তিয়ে দৈনিক ৬-৮ ঘণ্টা টোপনি নাযায়, তেওঁলোকৰ ওজন হ্ৰাস প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে৷ কিয়নো কম টোপনি যোৱা লোকৰ মেটাবলিজমৰ গতি লেহেমীয়া হয়, যাৰ ফলত সোনকালে ওজন হ্ৰাস হোৱাত অসুবিধাৰ সৃষ্টি হয়৷

Five compelling reasons why we all need to sleep more - BBC Reel


[8] বহু সময় ধৰি একে ঠাইতে তথা একেটা ভংগীতে বহি থাকিলে শৰীৰত ফেট বাৰ্নিং হৰমন উৎপন্ন হ’বলৈ বন্ধ হৈ যায়৷ যাৰ ফলত ওজন বৃদ্ধি হ’বলৈ ধৰে৷

Sitting positions: Posture and back health

LEAVE A REPLY

Please enter your comment!
Please enter your name here