ওজন হ্ৰাসৰ লগতে খোজ কাঢ়িলে আৰু কি উপকাৰ হয় ?

0
2051
খোজ কঢ়া স্বাস্থ্যৰ পক্ষে খুব উপকাৰী৷ আজিকালি বিজ্ঞান-প্ৰযুক্তি তথা সভ্যতাৰ লগে লগে মানুহে যেন খোজ কাঢ়িবলৈ পাহৰিয়েই গৈছে৷ ক’ৰবালৈ গ’লেও তেওঁলোকৰ দুচকীয়া বা চাৰিচকীয়া বাহনতহে অহা-যোৱা কৰে৷ ফলত শাৰীৰিক শ্ৰম হৈ পৰিছে শূন্য৷ সেয়েহে দিনটোত অতি কমেও যদি আপুনি আধা ঘণ্টা সময় খোজকাঢ়িব পাৰে, তেন্তে ই আপোনাৰ ওজন বৃদ্ধিৰ সমস্যাকে ধৰি বহুখিনি ক্ষেত্ৰত সহায় কৰিব পাৰে৷

খোজ কাঢ়িয়েই আপুনি যথেষ্টখিনি কেলৰি হ্ৰাস কৰিব পাৰে৷ কেৱল ই নিৰ্ভৰ কৰে খোজ কঢ়াৰ সময় আৰু গতিৰ ওপৰত৷ অৰ্থাৎ যিমানেই বেছি সময় আৰু বেগাই খোজ কাঢ়িব, সিমানেই আপোনাৰ কেলৰি হ্ৰাস পোৱাৰ মাত্ৰা বাঢ়িব৷

Correct spine posture. Position of ... | Stock vector | Colourbox


একেদৰে আপোনাৰ ডায়েটেও এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে৷ খোজ কঢ়াৰ লগতে আপুনি যদি কম কেলৰিযুক্ত খাদ্য নিজৰ ডায়েটত অন্তৰ্ভুক্ত কৰে, তেন্তে অধিক সুফল লাভ কৰিব পাৰিব৷

Low-Calorie Diets - familydoctor.org


খোজ কাঢ়িলে যে অকল ওজন হ্ৰাস হয় তেনে নহয়৷ খোজ কঢ়াৰ ফলত আপোনাৰ কলেষ্টৰেল লেভেল নিয়ন্ত্ৰণত থকাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হৃদপিণ্ডৰ সমস্যা নিৰাময় কৰে, হাড় মজবুত তথা শৰীৰৰ ভাৰসাম্যতা অটুট ৰাখে, ডায়েবেটিছ নিৰ্মূল, ৰক্ত সঞ্চালন সুচল কৰে, হজম শক্তি বৃদ্ধি হয়৷ মুঠতে ক’বলৈ গ’লে ই আপোনাৰ সৰ্বশৰীৰৰ সমস্যা নিৰ্মূল কৰে৷

The Incredible Benefits Of Walking | Femina.in


মনত ৰাখিব, নতুনকৈ খোজ কঢ়া আৰম্ভ কৰাসকলে প্ৰথমে বেগাই খোজ নাকাঢ়িব৷ বহু দেৰিলৈ বেগাই খোজ কাঢ়িলে আপোনাৰ ভাগৰ, মূৰ ঘূৰণি, বিষ-বেদনা আদি হ’ব পাৰে৷ সেয়েহে প্ৰথমে দিনত ১০-১৫ মিনিটমান খোজ কাঢ়ি লাহে লাহে ইয়াৰ সময় বঢ়াব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here