ওজন বৃদ্ধিৰ সমস্যা নিৰাময় সম্ভৱনে?

0
2483

আপুনি ওজন কমাব বিচাৰিছে নেকি? ওজন বৃদ্ধিয়ে আপোনাক হতাশাগ্ৰস্তত পেলাইছে নেকি? ওজন বৃদ্ধিৰ সমস্যা প্ৰায়ভাগ লোকৰ বাবেই বৰ্তমান এটা মূৰৰ কামোৰণি হৈ পৰিছে৷ ওজন বৃদ্ধি বা দেহত অধিক চৰ্বি হ’লে শৰীৰত নানা সমস্যাই দেখা দিব পাৰে৷ এই সমস্যাসমূহৰ ভিতৰত হৃদৰোগ, উচ্ছ ৰক্তচাপ, কেঞ্চাৰ, কলেষ্টৰেল বৃদ্ধি, লিভাৰৰ সমস্যা (ফেটি লিভাৰ) আদি প্ৰধান৷ বহুতকে দেখা যায় যে ওজন কম কৰিবলৈ তেওঁলোকে খাদ্যৰ পৰিমাণ কমাই দিয়ে৷ কিন্তু এনেকৈ খোৱাৰ পৰিমাণ কমাই দিলে শৰীৰৰ হিতে বিপৰীতহে হয়৷ গতিকে কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰিও ওজন বৃদ্ধিৰ সমস্যা নিৰাময় কৰিব পাৰি৷

(১) ৰাতিপুৱা কুহুমীয়া পানীত নেমু আৰু মৌ মিহলাই খাব লাগে৷ ই ওজন কম কৰাৰ লগতে পেটৰ চৰ্বি কম কৰে৷
(২) ওজন কম কৰাত গ্ৰীন টী উপকাৰী৷ গ্ৰীন টীত কেলৰি কম থাকে৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যি কেলৰি কম কৰাত সহায় কৰে।
(৩) ৰাতিপুৱাৰ খাদ্যত সেউজীয়া শাক-পাচলি আৰু চালাড অন্তৰ্ভুক্ত কৰিব লাগে৷ চালাডত অলিভ অইল দিব পাৰে, ই ওজন হ্ৰাস কৰাত সহায় কৰে৷
(৪) ব্ৰেড বাটাৰত পিনাট বাটাৰ লোৱাটো ভাল৷ ইয়াত Polyunsaturated আৰু Monounsaturated fat থাকে৷ যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে৷ আপেলৰ লগত পিনাট বাটাৰ খালে শীঘ্ৰে ওজন হ্ৰাস হয়৷
(৫) ৰাতি শোৱাৰ সময়ত ইলাচিৰ লগত গৰম পানী খালেও ওজন কমোৱাত সহায় কৰে৷ ইলাচিয়ে পেটত জমা হোৱা চৰ্বি কম কৰাৰ লগতে কৰ্টিচলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে৷
(৬) খাদ্য খাই উঠাৰ আধা ঘণ্টা পাছত পদিনা পাতৰ ৰস কুহুমীয়া পানীত মিহলাই খাব লাগে৷
(৭) আদাৰ ৰস মৌজোলৰ লগত খালেও সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here