ওঁঠ ক’লা পৰিলে কি কৰিব?

0
1827

মুখৰ মধ্যম অংশত থকা ওঁঠে গোটেই মুখখনৰে সৌন্দৰ্য ধৰি ৰাখে৷ গুলপীয়া ওঁঠযুৰিয়েই মানুহক আকৰ্ষিত কৰে৷ ওঁঠযুৰিৰ সৌন্দৰ্যই মানুহজনৰ ব্যক্তিত্বতো প্ৰভাৱ পেলায়৷ সাধাৰণতে মুখমণ্ডলৰ অন্য অংশবোৰৰ তুলনাত ওঁঠযুৰি কোমল আৰু পাতল হয়৷ ইয়াৰ যত্নও সেইবাবে অন্য ধৰণে লোৱা দৰকাৰ৷ যিসকল লোকে অত্যধিক পৰিমাণে চাহ কফি বা ধূমপান সেৱন কৰে, তেওঁলোকৰ ওঁঠযুৰি ক’লা পৰা দেখা যায়৷

 ওঁঠৰ ক’লা দাগৰ সমস্যাটো দূৰ কৰিবলৈ কি কৰিব জানো আহক–

(১) অকণমান তুলাত অলপমান গোলাপজল লৈ ৰাতি শোৱাৰ সময়ত ওঁঠযুৰিত নিয়মিতভাৱে লগাব লাগে৷ তেতিয়া ওঁঠৰ তেজৰ চলাচল বাঢ়ে আৰু ওঁঠৰ দাগ নাইকিয়া হয়৷


(২) এক টুকুৰা বিট কাটি ওঁঠত ভালদৰে লগাই থাকিব লাগে৷ ১৫-২০ মিনিটলৈ ভালকৈ ঘঁহি লগাই তাৰ পাছত পেলাই দিয়ক৷ বিটে ওঁঠৰ ক’লা দাগ নোহোৱা কৰে৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে ছালৰ সতেজতা বঢ়ায়৷


(৩) আঙুৰ এটা নাৰিকল তেলত লগাই ওঁঠত সানিব লাগে৷ ইয়াৰ প্ৰয়োজনীয় ফেটি এচিডে ওঁঠৰ আদ্ৰৰ্তা নাইকিয়া কৰে৷


(৪) হালধি ওঁঠৰ কাৰণে খুব উপকাৰী৷ হালধিয়ে ওঁঠৰ মৃত কোষবোৰ বাহিৰ কৰি দিয়ে৷ ওঁঠৰ ক’লা দাগ লগতে ওঁঠৰ আদ্ৰৰ্তা হালধিয়ে বজাই ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here