ওঁঠৰ হোৱা ঘা টুকুৰাৰ ঘৰুৱাভাৱে কিদৰে যতন ল’ব ?

0
40

সাধাৰণতে আমাৰ জ্বৰ হ’লে বেছিভাগৰে ওঁঠৰ কোণত ঘা হোৱা দেখা যায়৷ জ্বৰ হোৱাৰ পাছত প্ৰায়ভাগৰে এইদৰে ঘা হোৱা দেখিবলৈ পোৱা যায়৷ এইদৰে হোৱা ঘায়ে আপোনাক নিশ্চয় অস্বস্তিত পেলায়৷ আনকি খোৱা-লোৱাৰ ক্ষেত্ৰত মুখখন ভালদৰে মেলিব নোৱাৰি পয়মালৰ সৃষ্টি কৰে৷ এইদৰে সৃষ্টি হোৱা ঘা নিৰাময়ৰ বাবে বজাৰত বিভিন্ন মলম, ঔষধ পোৱা যায় যদিও ঘৰুৱাভাৱে যতন ল’লে অধিক ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা যায়৷ জ্বৰ হোৱাৰ পাছত ওঁঠত হোৱা ঘা টুকুৰা ঘৰুৱা বিধানেৰে কিদৰে নিৰ্মূল কৰিব পাৰি, জানো আহক৷
আপেল চিডাৰ ভিনেগাৰ অলপ লৈ কপাহত তিয়াই ওঁঠৰ ঘা হোৱা ঠাইত লগাওক৷ কিছু সময় পাছতে বিষ উপশম পোৱা যায়৷
সহজে পোৱা নহৰু অলপ পিচি লওক৷ এতিয়া এই মিশ্ৰণটো ঘা অংশত ঘঁহি লগাওক৷ দিনটোত দুই-তিনিবাৰ এনেদৰে লগালে সুফল পোৱা যায়৷
ওঁঠত হোৱা ঘাত মৌ লগালে বিষ নাইকিয়া হোৱাৰ লগতে ঘা টুকুৰা সোনকালে শুকোৱাত সহায় কৰে৷
এইদৰে বিভিন্ন উপায় অৱলম্বন কৰিলেও যদি ওঁঠত হোৱা ঘাৰ সমাধান নহয়, তেন্তে চিকিৎসকৰ ওচৰ চপাটো জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here