এ টি এম মেচিন কিমান বীজাণুযুক্ত জানেনে?

0
2404

এ টি এমৰ পৰা টকা উলিওৱা কাৰ্য আমি সকলোৱে কৰোঁ৷ কিন্তু আমাৰ ভিতৰৰ কিমানজনে এ টি এমৰ টকা উলিয়াই হাত ধোৱে? ব্ৰিটেইনত ‘ক্লিনলিনেচ টেষ্ট’ৰ পৰা গম পোৱা গৈছে যে এ টি এম মেচিনবোৰ শৌচালয়ৰ সমানে লেতেৰা৷ ২০১১ চনত কৰা এটা অধ্যয়নত এ টি এমৰ কী পেইডৰ নমুনা আৰু ওচৰতে থকা ৰাজহুৱা শৌচালয়ৰ নমুনা সংগ্ৰহ কৰি তুলনা কৰাত দুয়োটা নমুনাতে একেই বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰিছে৷ যি বেক্টেৰিয়াই মানুহৰ বিভিন্ন বেমাৰ, পেট ফুলা, ডায়েৰিয়াজনিত ৰোগ আদিৰ সৃষ্টি কৰে৷ ইয়াৰ উপৰি ৰাজহুৱা টেলিফোনো বেমাৰৰ বীজাণু বিয়পোৱাত ‘হটস্পট’ৰ দৰে কাম কৰে৷ কাৰণ সেই ৰাজহুৱা টেলিফোন সকলোৱে ব্যৱহাৰ কৰে৷ টেলিফোনটো যিহেতু আমি কাণত লওঁ, গতিকে বেমাৰৰ বীজাণু তৎক্ষণাৎ শৰীৰত প্ৰৱেশ কৰি ৰোগৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে আমি এ টি এমৰ পৰা টকা উলিয়াবলৈ যাওঁতে হাতত গ্লভছ পিন্ধিহে টকা উলিয়াব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here