এলিয়েনৰ সত্যতা আছে এই দাবী নাছাৰ

0
29

অনন্তকাল ধৰি এই পৃথিৱীত এলিয়েনক লৈ যথেষ্ট জল্পনা-কল্পনা আৰু চৰ্চা চলি আহিছে৷ আনকি চিনেমা, গল্প তথা উপন্যাসতো এই এলিয়েনৰ অস্তিত্বক লৈ লিখা-মেলা হৈছে৷ তথাপি কিন্তু ইয়াৰ অস্তিত্ব বা সন্ধান পোৱাটো সম্ভৱ হোৱা নাই৷ এক কথাত ক’বলৈ হ’লে বহু গৱেষণাৰ পাছতো ভিন্নগ্ৰহীয়ে মানৱ সমাজৰ ওচৰত ধৰা দিয়া নাই৷ পৃথিৱীত এলিয়েনৰ অস্তিত্ব সম্পৰ্কে কিন্তু গৱেষকে চেষ্টা অহৰহ অব্যাহত ৰাখিছে৷ ইয়াক লৈ নতুন গৱেষণা কৰিছে নাছাৰ ফিল্ম নিৰ্মাতা ছাইমন হলেণ্ডে৷ এই গৱেষণাত এলিয়েনৰ অস্তিত্ব সম্পৰ্কে নতুন ব্যাখ্যা পোৱা গৈছে৷ নাছাৰ ফিল্ম নিৰ্মাতা ছাইমন হলেণ্ডৰ দাবী– টেলিস্কোপ ব্যৱহাৰ কৰি জনা গৈছে যে পৃথিৱীৰ বাহিৰৰ আন গ্ৰহত এলিয়েনৰ বসবাস আছে আৰু খুব সোনকালে পৃথিৱীতো ইয়াৰ অস্তিত্ব পোৱা যাব৷ হলেণ্ডৰ মতে পৃথিৱীৰ পৰা টেলিস্কোপৰ জৰিয়তে এই এলিয়েনৰ সন্ধানৰ বাবে নজৰ ৰখা হৈছে৷ আনকি ইয়াৰ এটা সংকেতো চলিত বছৰৰ এপ্ৰিলত পোৱা গৈছে৷ ইয়াৰ পৰাই পৰিষ্কাৰ হৈছে যে এই এলিয়েন ক্ৰমশঃ পৃথিৱীৰ ফালে আগুৱাই আহিছে৷ নাছাৰ তৰফৰ পৰা এটা ৰেডিঅ’ তৰংগ প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ছায়াপথৰ ওপৰত নজৰ ৰখা হৈছে৷ হঠাতে সেই ৰেডিঅ’ তৰংগত সংকেত পোৱা যায়৷ তাৰ পৰাই বিজ্ঞানীয়ে ঠাৱৰ কৰিছে যে এলিয়েনবোৰ বৰ্তমান পৃথিৱীৰ পৰা ৪.২ আলোকবৰ্ষ দূৰত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here