এভাৰেষ্টতো আৰোহণ কৰ’না ভাইৰাছৰ !

0
1861

আৰ্লেণ্ড নেছ নামৰ পৰ্বতাৰোহীজনে যোৱা ২৩ এপ্ৰিলত এটা বাৰ্তাত এছ’চিয়েটেড প্ৰেছক কয় যে ১৫ এপ্ৰিলত তেওঁৰ কভিড-১৯ পজিটিভ ধৰা পৰে৷

অৱশেষত কৰ’না ভাইৰাছে বিশ্বৰ সৰ্বোচ্ছ পৰ্বতখনত আৰোহণ কৰিলে৷ নৰৱেৰ এজন পৰ্বতাৰোহীৰ মাউণ্ট এভাৰেষ্টৰ বে’ছ কেম্পত কভিড-১৯ পজিটিভ পোৱা হয় আৰু হেলিকপ্টাৰেৰে কাঠমাণ্ডুলৈ আনি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ এভাৰেষ্টৰ বে’ছ কেম্পত কভিড-১৯ পজিটিভ পোৱা তেৱেঁই প্ৰথম ব্যক্তি৷ আৰ্লেণ্ড নেছ নামৰ পৰ্বতাৰোহীজনে যোৱা ২৩ এপ্ৰিলত এটা বাৰ্তাত এছ’চিয়েটেড প্ৰেছক কয় যে ১৫ এপ্ৰিলত তেওঁৰ কভিড-১৯ পজিটিভ ধৰা পৰে৷ যোৱা ২২ এপ্ৰিলত কৰা আন এটা পৰীক্ষাত তেওঁক নিগেটিভ পোৱা হয় আৰু বৰ্তমান তেওঁ নেপালৰ এটা স্থানীয় পৰিয়ালৰ সৈতে আছে৷ এজন আগশাৰীৰ মাউণ্টেইন গাইড, অষ্ট্ৰিয়াৰ লুকাছ ফাৰ্টেনবেকে সতৰ্ক কৰি দিয়ে যে বৰ্তমান এভাৰেষ্টৰ পাদদেশত হাজাৰ হাজাৰ পৰ্বতাৰোহী, গাইড আৰু সহায়কে শিবিৰ পাতি আছে৷ তৎক্ষণাৎ যদি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা নহয় আৰু সুৰক্ষামূলক ব্যৱস্থা লোৱা নহয়, তেন্তে ভাইৰাছটো সেইসকলৰ মাজত বিয়পি পৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here