এভাৰেষ্টক আৱৰ্জনামুক্ত কৰাৰ সংকল্প: কেনেকৈ?

0
2111

শিল্পকৰ্মৰ জৰিয়তে এভাৰেষ্টক আৱৰ্জনামুক্ত কৰাৰ লক্ষ্য লৈছে নেপাল চৰকাৰে৷ প্ৰতিবছৰে বিশ্বৰ শীৰ্ষতম শৃংগ মাউণ্ট এভাৰেষ্ট জয়ৰ লক্ষ্যৰে অসংখ্য পৰ্বতাৰোহীয়ে এভাৰেষ্টলৈ গমন কৰে৷ তেওঁলোকে এনে কণ্টকাকীৰ্ণ যাত্ৰাপথত বিভিন্ন প্ৰকাৰৰ সমাগ্ৰী লগত নিব লগা হয়৷ ঘাইকৈ খোৱাৰ পাত্ৰ, তম্বু, জৰী, অক্সিজেন চিলিণ্ডাৰ, প্লাষ্টিকৰ সামগ্ৰী আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লগত নিব লাগে৷ এই সামগ্ৰীসমূহৰ ফলত ক্ৰমশঃ এভাৰেষ্টত আৱৰ্জনাৰ দ’ম বান্ধিছে৷ সেয়ে এই বৰ্জনীয় আৱৰ্জনাৰ দ্বাৰা শিল্প সৃষ্টিৰ পৰিকল্পনা কৰিছে নেপাল চৰকাৰে৷ এনেদৰে প্ৰকল্পৰ জৰিয়তে এভাৰেষ্টক আৱৰ্জনামুক্ত কৰাৰ আগতে আন এটা আঁচনি বাস্তৱায়নৰ প্ৰস্তুতি কৰিছে নেপালে৷ প্ৰত্যেক এভাৰেষ্ট পৰ্বতাৰোহীকে অতিকমেও এক কেজি আৱৰ্জনা ইয়াৰ বুকুৰ পৰা আনিবলৈ অনুৰোধ কৰিছে৷ এইদৰে আৱৰ্জনা অনাৰ ফলত কিছু পৰিমাণে হ’লেও এভাৰেষ্ট শৃংগ আৱৰ্জনামুক্ত হ’ব বুলি ধাৰণা কৰা হৈছে৷ পৰ্বতাৰোহীসকলক এই প্ৰকল্পত সংযুক্ত কৰিব পাৰিলে হয়তো এভাৰেষ্টৰ পৰিৱেশ যথেষ্ট প্ৰদূষণমুক্ত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here