এবাৰ কভিড-১৯ পজিটিভ হোৱা ব্যক্তিৰ পুনৰ আৰ টি পি চি আৰ টেষ্ট কৰাব নালাগে :আই চি এম আৰ

0
1081

কভিড-১৯ মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সময়ত কভিড-১৯ টেষ্টিঙৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰ-এ কিছুমান পৰামৰ্শ জাৰি কৰিছে৷ আই চি এম আৰে কয় যে সংক্ৰমিত লোকৰ বোজাৰ কাৰণে আৰু লেবৰেটৰীবোৰৰ কৰ্মচাৰীসকল কভিড-১৯ত আক্ৰান্ত হোৱাৰ কাৰণে টেষ্টিঙৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত লেবৰেটৰীবোৰ বৰ্তমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰ টি পি চি আৰ টেষ্টিং ফলপ্ৰসূ বা কাৰ্যকৰী কৰাটো অপৰিহাৰ্য হৈ পৰিছে৷ একে সময়তে দেশখনৰ সকলো নাগৰিকৰ বাবে টেষ্টিং বেছি সহজসাধ্য কৰাটোও প্ৰয়োজনীয় হৈ পৰিছে৷ আই চি এম আৰে কয় যে এবাৰ আৰ এ টি বা আৰ টি পি চি আৰত পজিটিভ পোৱা কোনো ব্যক্তিক পুনৰ আৰ টি পি চি আৰ টেষ্ট কৰাব নালাগে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ডিচাৰ্জ পলিচি মতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ ক্ষেত্ৰত কোনো পৰীক্ষাৰ প্ৰয়োজন নাই৷ তদুপৰি লেবৰেটৰীসমূহৰ হেঁচা কমাবৰ বাবে আন্তঃৰাজ্যিক ঘৰুৱা ভ্ৰমণ কৰা স্বাস্থ্যৱান ব্যক্তিসকলৰ আৰ টি পি চি আৰ টেষ্ট সম্পূৰ্ণৰূপে বাদ দিব পাৰি৷ সংক্ৰমণৰ বিপদ কমাবলৈ অনাৱশ্যকীয় ভ্ৰমণ আৰু লক্ষণযুক্ত ব্যক্তিৰ আন্তঃৰাজ্যিক ভ্ৰমণ এৰাই চলিবলৈ আই চি এম আৰে পৰামৰ্শ দিছে৷ লক্ষণবিহীন সকলো ব্যক্তিয়ে কভিড প্ৰট’কলসমূহ মানি চলাটো বাধ্যতামূলক৷ আই চি এম আৰে কয় যে এতিয়া জি ই এম পৰ্টেলত ম’বাইল টেষ্টিং লেবৰেটৰী পৰ্যাপ্ত আছে আৰু ম’বাইল ছিষ্টেমৰ যোগেদি আৰ টি পি চি আৰ টেষ্টিং বৃদ্ধি কৰিবৰ বাবে ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে৷ ৰেপিড এণ্টিজেন টেষ্টৰ যোগেদি টেষ্টিং বৃদ্ধিৰ ক্ষেত্ৰত আই চি এম আৰে কয় যে পৰ্যাপ্ত সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত আৰ এ টি (RAT) ৰ বাবে অনুমতি দিব পাৰি৷ জনসাধাৰণৰ সুবিধাৰ্থে নগৰ, মহানগৰ আৰু গাঁওবোৰত ডেডিকেটেড আৰ এ টি বুথ স্থাপন কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here