এপেনডিক্সৰ আৰম্ভণিৰ লক্ষণবোৰ কি জানেনে?

0
2121

পেটৰ বিষ খুব সাধাৰণ এটা বিষয় হ’লেও তাক পাত্তা নিদিলে এনে অৱস্থাই ভয়ংকৰ ৰূপ ল’ব পাৰে৷ গেছৰ সমস্যাৰ কথাটো বহুতৰে এৰাব নোৱাৰা সমস্যা৷ মহিলাসকলৰ ঋতুস্ৰাৱজনিত বিষো এনে ৰোগৰ কাৰক হ’ব পাৰে৷ হঠাৎ কোনোবাদিন এপেণ্ডিক্সৰ মাৰাত্মক বিষ বাঢ়ি হোৱাজনক আশংকাজনক অৱস্থালৈ নিয়ে৷ সাধাৰণতে বৃহদন্ত্ৰ আৰু ক্ষুদ্ৰান্ত্ৰৰ সংযোগস্থলৰ বৃহদন্ত্ৰৰ সৈতে যুক্ত এটা সৰু অংগটোক এপেণ্ডিক্স বোলা হয়৷ প্ৰায় পাঁচ শতাংশ লোকৰ এই অংগটোৱে সংশয়ৰ কাৰণ হ’ব পাৰে৷ এপেণ্ডিক্সৰ এই সমস্যাটোক এপেণ্ডিছাইটিছ নামে পৰিচিত৷ সময়ত ধৰা নপৰি যথাসময়ত অস্ত্ৰোপচাৰ নকৰিলে এপেণ্ডিছাইটিছৰ কাৰণে মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ 

এপেণ্ডিছাইটিছৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি জানো আহক–

(১) এপেনডিক্স হ’লে তল পেটৰ সোঁ অংশত বিষ অনুভৱ হয়৷ ক্ৰমশঃ নাভিৰ চাৰিওফালে বিষ বিয়পে আৰু তল পেটত অসহ্যকৰ বেদনা আৰম্ভ হয়৷
(২) তল পেট ফুলি উঠে৷ প্ৰথমাৱস্থাত বিষ কম হয় যদিও পাছলৈ সহ্য কৰিব নোৱাৰা অসহ্যকৰ বিষ অনু্‌ভৱ হয়৷
(৩) শৰীৰৰ তাপমাত্ৰাৰ হেৰফেৰ হয়৷ জ্বৰ আহে৷ অৱশ্যে কিছুমানৰ ক্ষেত্ৰত জ্বৰ নাহিবও পাৰে৷
(৪) খাবলৈ মন নোযোৱা হয়৷ বদহজমৰ সমস্যাই দেখা দিয়ে৷ তাৰ পাছত বমিপৰ্যন্ত আৰম্ভ হয়৷
(৫) কিছুমানৰ পেটৰ সমস্যাই দেখা দিয়ে৷ পেট চলা হয়৷ বহি উঠিবৰ সময়ত বা ছিৰি বগোৱাৰ সময়ত পেটত বিষ অনুভৱ হয়৷
(৬) ডায়েৰিয়া অথবা কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়ি যায়৷
(৭) এপেণ্ডিক্স কোনো কাৰণত পেটৰ ভিতৰত ফাটি গ’লে সমগ্ৰ পেটত অসহনীয় বিষ হয় আৰু পেট ফুলি উঠে৷
এই সমস্ত লক্ষণ দেখা দিলে ভুলতো দেৰি নকৰিব৷ তৎক্ষণাৎ চিকিৎসকৰ ওচৰ চাপক৷ কাৰণ এপেণ্ডিক্সক অৱহেলা কৰিলে মৃত্যুপৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here