এপেক্স লেবৰেট’ৰিজৰ বীজাণুনাশক ক্লেভিৰা

0
1403

ক্লেভিৰাৰ জৰিয়তে কৰা চিকিৎসাৰে ৮৬ শতাংশ ৰোগী পঞ্চম দিনতে আৰ টি-পি চি আৰ পৰীক্ষাত কভিড-১৯ৰ পৰা মুক্ত হৈছে আৰু দশম দিনত ১০০ শতাংশ ৰোগী কভিড-১৯ৰ পৰা মুক্ত হৈছে৷

শেহতীয়া গৱেষণা তথা উদ্ভাৱনৰ বাবে প্ৰখ্যাত চেন্নাইস্থিত ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান এপেক্স লেবৰেট’ৰিজ প্ৰাইভেট লিমিটেডে জৈৱিক বীজাণুনাশক প্ৰস্তুতকৰণৰ সূত্ৰ ক্লেভিৰা মুকলি কৰিছে৷ প্ৰাথমিকভাৱে ডেংগু ৰোগীৰ শুশ্ৰূষাৰ বাবে ২০১৭ চনত ক্লেভিৰা প্ৰস্তুত কৰা হৈছিল৷ বিগত বৰ্ষত সমগ্ৰ দেশজুৰি কভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটাৰ সমান্তৰালভাৱে এই উপকৰণ কভিড উপসৰ্গৰ সহযোগী চিকিৎসা হিচাপে ব্যৱহাৰ কৰা হয়৷ এই উৎপাদন সমগ্ৰ দেশজুৰি উপলব্ধ আৰু প্ৰতিটো টেবলেটৰ দাম হৈছে ১১ টকা৷ ২০২০ চনৰ মে’-জুন মাহত ১০০গৰাকী লোকৰ মাজত ক্লিনিকেল পৰীক্ষা সম্পন্ন হৈছিল আৰু ফল আছিল অতিকে আশাব্যঞ্জক৷ SARS-cov-2ৰ সংক্ৰমণত আক্ৰান্ত হৈ থকা ৫০ জনীয়া দল এটাক বিশ্ব স্বাস্থ্য সংস্থা, আই চি এম আৰৰ নিৰ্দেশনা আৰু চিকিৎসালয়ৰ নিয়মাৱলী অনুসৰি শুশ্ৰূষা প্ৰদান কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থা, আই চি এম আৰৰ নিৰ্দেশনা অনুসৰি SARS-cov-2 ৰ সংক্ৰমণত আক্ৰান্ত পৰীক্ষাধীন ৰোগীৰ দলটোক মানসম্পন্ন চিকিৎসাৰ উপৰি ক্ৰমাগত ১৪ দিনৰ বাবে আহাৰৰ পাছত দুবাৰকৈ ক্লেভিৰা টেবলেট প্ৰদান কৰা হৈছিল৷ ইয়াৰ জৰিয়তে প্ৰমাণিত হ’ল যে ক্লেভিৰাই ক্লিনিকেল আৰোগ্যৰ সময় তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস কৰে, যি পাইৰেক্সিয়া অথবা শৰীৰৰ বিষ হ্ৰাস, শ্বাস-প্ৰশ্বাসৰ হাৰৰ স্বাভাৱিকীকৰণ, অম্লজান সংপৃক্তকৰণৰ পৰ্যায়ৰ উন্নতি ইত্যাদিতো দৰববিধে প্ৰভাৱ পেলায়৷ ক্লেভিৰাৰ জৰিয়তে কৰা চিকিৎসাৰে ৮৬ শতাংশ ৰোগী পঞ্চম দিনতে আৰ টি-পি চি আৰ পৰীক্ষাত কভিড-১৯ৰ পৰা মুক্ত হৈছে আৰু দশম দিনত ১০০ শতাংশ ৰোগী কভিড-১৯ৰ পৰা মুক্ত হৈছে৷ কভিড-১৯ৰ লক্ষণ তথা উপসৰ্গৰ ক্লিনিকেল উন্নতি ৪ দিনতে পৰিলক্ষিত হৈছে৷ অতিপাত হেঁচাই জুৰুলা কৰা স্বাস্থ্যখণ্ডৰ ব্যৱস্থাৰ বাবে সহযোগী চিকিৎসা প্ৰণালী কেনেদৰে উপযোগী হ’ব পাৰে, সেই বিষয়ে এপেক্স লেবৰেট’ৰিজ প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক শুভাষিণী ৱাংগামুড়ীয়ে কয় যে চি এ বিৰ সৈতে সহায়ক চিকিৎসাই কভিড-১৯ত আক্ৰান্ত হৈ হস্পিটেলত থকা ৰোগীসকলৰ যন্ত্ৰণা লাঘৱ কৰিব পাৰে৷ দুৰ্যোগৰ সময়ত আই চি ইউত এজন ৰোগী কমিলেও বহু সকাহ পোৱা যাব৷ ইয়াৰ ফলত পাবলগীয়া ৰোগীৰ বাবে সু-চিকিৎসা আৰু যতন সম্ভৱ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here