এনেদৰে লওক উশাহ, পাওক প্ৰখৰ স্মৃতিশক্তি || Improve your memory immensely with this breathing technique

0
1034
আপোনাৰ সমগ্ৰ শৰীৰটোৰ ভিতৰত মগজুটো এনেকুৱা এটা অংগ, যাৰ অবিহনে আপুনি শূন্য৷ বিচাৰ-বিবেচনা শক্তি, আচৰণ, স্মৃতিশক্তি সকলো কাম-কাজ শূন্য হৈ পৰিব, যদিহে মগজুটো ভাল নাথাকে৷ সেয়েহে ইয়াৰ সঠিক যতন লৈ মগজুটোক স্ত্ৰেচমুক্ত কৰি ৰখাত গুৰুত্ব দিব লাগে৷ ইয়াৰ বাবে আপুনি বহুত কিবা কৰাৰ প্ৰয়োজন নাই৷ সঠিকভাৱে উশাহ-নিশাহ ল’লেই মগজুটো সুস্থ হৈ থাকিব পাৰিব৷ আমি উশাহ-নিশাহ লোৱাত প্ৰায়ে কৃপণালি কৰোঁ, যেন আমি বাধ্যত পৰিহে শ্বাস-প্ৰশ্বাস লৈছোঁ৷ সেয়েহে আমি দিনৰ কোনোবা এটা সময়ত ব্ৰিডিং এক্সাৰছাইজ কৰি শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া উন্নত কৰিব পাৰোঁ৷ 
5 Signs of a Deviated Septum – Cleveland Clinic
breath in, breath out

ইয়াৰ বাবে ভালকৈ এটা শান্তিপূৰ্ণ ঠাইত বহি লৈ যিমান পাৰি দীঘলকৈ উশাহ টানি কিছু সময় ধৰি ৰাখক৷ লাহে লাহে নিশাহ এৰি পুনৰ আগৰ অৱস্থানলৈ ঘূৰি আহক৷ নাইবা দীঘলকৈ উশাহ টানি কিছু সময় ধৰি ৰাখি মুখেৰে জোৰত নিশাহ এৰি দিয়ক৷ এনেদৰে কৰাৰ ফলত মগজুৰ পৰা এণ্ডোৰফিনছ নিঃসৰণ হয় যিয়ে মন-মগজু শান্ত কৰাৰ লগতে স্মৃতিশক্তি প্ৰখৰ কৰাত অৰিহণা যোগায়৷ অকল মগজুৱে নহয়, ই আমাৰ হৃদস্পন্দনৰ গতি উন্নত কৰি হাৰ্টজনিত বিভিন্ন সমস্যা নিৰ্মূল কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here