Beauty PlusFitness PlusHealth NaturallyHealth Talksএদিনতে এইদৰে দূৰ কৰক ব্লেকহেডছৰ সমস্যাBy Health Plus - March 6, 2025037Facebook Twitter Pinterest WhatsApp তেল, মছলা জমা হৈ ছালৰ ছিদ্ৰ হৈ সৃষ্টি কৰিব পাৰে ব্লেকহেডছ, হোৱাইটহেডছৰ দৰে সমস্যা৷ এই ব্লেকহেডছ বা হোৱাইটহেডছৰ সমস্যাই কেৱল ছালখনৰে ক্ষতি নকৰে, নষ্ট কৰিব পাৰে মুখৰ সৌন্দৰ্যও৷ মুঠতে ব্লেকহেডছৰ সমস্যাই মানুহগৰাকীৰ মানসিক স্বাস্থ্যতে প্ৰভাৱ পেলায়৷ এই সমস্যা থাকিলে যিকোনো অনুষ্ঠান, অভ্যৰ্থনা আদিলৈ যাবলৈ কুণ্ঠাবোধ বা লজ্জাবোধ কৰা হয়৷ কিয়নো ব্লেকহেডছৰ সমস্যা থাকিলে মুখখনেই কুশ্ৰী দেখায়৷ সেয়ে এই সমস্যাৰ পৰা কম সময়ত ভিতৰতে সকাহ পাবলৈ ঘৰতে মাত্ৰ এদিনৰ বাবে সময় ব্যয় কৰিলে সমাধান পাব পাৰে৷ ঘৰুৱাভাৱে এই বিশেষ টিপছৰ দ্বাৰা ব্লেকহেডছৰ সমস্যা সহজে নিৰ্মূল কৰিব পাৰে৷সাধাৰণতে ৰাতি টোপনিলৈ যোৱাৰ আগে আগে কিছু সময় লৈ আৰম্ভ কৰিব পাৰে ব্লেকহেডছ আঁতৰ কৰাৰ মিছন৷ সাধাৰণতে ব্লেকহেডছ বা হোৱাইটহেডছ নাকৰ চাৰিওফালে বেছিকৈ দেখা যায়৷ ছালৰ আন ঠাইতো থাকিব পাৰে৷ এই সমস্যা সমাধানৰ সকলোতকৈ সহজ উপায় হ’ল প্ৰথমতে গৰম পানীৰে ৰুমাল এখন তিয়াই ল’ব৷ ইয়াৰ পাছত সহ্য কৰিব পৰা থকা অৱস্থাত ৰুমালখনেৰে ছালত ভাপ দিব৷ এক মিনিটমান এইদৰে ভাব দিয়াৰ পাছত ব্লেকহেডছ বা হোৱাইটহেডছ নৰম বা কোমল হ’বলৈ ধৰিব৷ এইবাৰ এখন ভিজা ৰুমাল লৈ মুখৰ ছালখন লাহে লাহে ঘঁহি দিব৷ আনহাতে অলপ নেমুৰ ৰস লৈ এডাল টুথব্ৰাছৰ সহায়ত ব্লেকহেডছবোৰ ওপৰত লাহে লাহে ঘঁহি দিব পাৰে৷ দেখিব ক্ৰমান্বয়ে ব্লেকহেডছবোৰ নোহোৱা হৈ গৈছে৷ এতিয়া মুখখনত যি পৰিমাণৰ ব্লেকহেডছ নোযোৱাকৈ থাকিল সেইখিনি দূৰ কৰিবলৈ অলপ চাউল গুড়ি লৈ তাত চেনি মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক আৰু এই মিশ্ৰণটো বেলেকহেডছত ভালদৰে ঘঁহি লগাওক৷ পাছত পৰিষ্কাৰ পানীৰে ছালখন ধুই দিব৷ এই চাউলৰ গড়ি আৰু চেনিয়ে প্ৰাকৃতিক স্ক্ৰাবাৰ হিচাপে কাম কৰে৷ এইখিনি কৰি হোৱাৰ পাছত পৰিষ্কাৰ ছালখনত চন্দনৰ পেষ্টৰ সহায়ত মালিচ কৰক৷ এঘণ্টামান এই প্ৰলেপ ৰাখি পাছত ছালখন পৰিষ্কাৰ পানীৰে ধুই দিব৷ পাছত ভালদৰে কোনো মইশ্বৰাইজাৰ ক্ৰিমেৰে মালিচ কৰক৷ ইয়াৰ পাছত লক্ষ্য কৰক ছালখনৰ পৰা ব্লেকহেডছ বা হোৱাইটহেডছ মুক্ত এখন সুন্দৰ মুখ৷