এতিয়াও কিমানে লোৱা নাই ক’ভিডৰ প্ৰথম পালি টিকা

0
1571
বিগত দুটা বছৰে সমগ্ৰ দেশজুৰি কৰ’নাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত যুদ্ধকালীন তৎপৰতাৰে স্বাস্থ্য বিভাগে কৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত কৰ’নাৰ টিকাকৰণ যথেষ্ট লেহেম হোৱাত অসম চৰকাৰ চিন্তিত হৈ পৰিছে৷ জিলাখনত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ ল’বলৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙত উপস্থিত হয়হি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মুখ্য সচিবজনে জিলাখনৰ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লয়৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত দুয়োখন পাহাৰীয়া জিলাৰ উপায়ুক্ত, পৰিষদ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলে অংশগ্ৰহণ কৰে৷ বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম চৰকাৰৰ মুখ্য সচিবজনে কয় যে এতিয়াৰে পৰা কাৰ্বি আংলং জিলাত নিৰ্বাচনৰ ভোটকেন্দ্ৰভিত্তিক ক’ভিডৰ টিকাকৰণ কৰাৰ ব্যৱস্থা কৰা হ’ব৷ ৰাজ্যত এতিয়াও ৯ লাখ লোকে ক’ভিডৰ প্ৰথমপালি ভেক্‌চিন গ্ৰহণ কৰা নাই বুলিও মুখ্য সচিবজনে ব্যক্ত কৰে৷ সেয়েহে ডিচেম্বৰত ৰাজ্যত এশ শতাংশ টিকাকৰণৰ এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here