এণ্টিছেপটিকৰ গুণাগুণ

0
1929

বিভিন্ন সময়ত বহু কাৰণবশতঃ আমাৰ দেহত কটা-ছিঙা, জ্বলা-পোৰা আদি হয়৷ এনে ক্ষেত্ৰত এই ক্ষত স্থানবোৰত বেক্টেৰিয়াই আক্ৰমণ কৰিব পাৰে৷ আমাৰ শৰীৰৰ কলা-কোষক বেক্টেৰিয়াৰ পৰা সুৰক্ষা দিবলৈ এণ্টিছেপটিক প্ৰয়োগ কৰা হয়৷ এণ্টিছেপটিকৰ অৰ্থই হৈছে ঘা প্ৰতিৰোধক৷ প্ৰথম অৱস্থাত ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে পৰীক্ষা-নিৰীক্ষা কৰি প্ৰমাণ কৰিছিল যে বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে আমাৰ দেহত হোৱা ঘা পকে বা গেলে৷ তেনে সময়ত অস্ত্ৰোপচাৰ কৰাৰ পাছত বহু ৰোগীৰে ঘা পকি মৃত্যু হৈছিল৷ তাৰ পাছত শল্য চিকিৎসক যোচেফ লিষ্টাৰে অস্ত্ৰোপচাৰৰ সা-সৰঞ্জামবোৰ কাৰ্বলিক এচিডেৰে ধুই চিকিৎসা কৰিছিল৷ এনে কৰাৰ ফলত ৰোগীসকলে কিছু সকাহ পাইছিল৷ তাৰ পাছৰ পৰাই এণ্টিছেপটিকৰ সন্ধানত গৱেষণা আৰম্ভ হৈছিল৷ আমাৰ দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰি অহা বিভিন্ন ধৰণৰ চাবোন, হেণ্ডৱাছ, ছালত লগোৱা মলম আদিৰ এণ্টিছেপটিক প্ৰয়োগ কৰা হয়৷ আমাৰ শৰীৰৰ থকা ঘাম, চকুপানী, লালতি, কোষৰ মাজত থকা জুলীয়া পদাৰ্থ আৰু তেজত থকা কিছু পদাৰ্থই শৰীৰটোক বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখে৷ চিকিৎসা সেৱাত অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত বহুধৰণৰ এণ্টিছেপটিক বীজাণু নিৰাময়ক হিচাপে ব্যৱহাৰ কৰা হয়৷ ছালত হোৱা বিভিন্ন সংক্ৰমণ এণ্টিছেপটিকে ৰোধ কৰে৷ মুখৰ ভিতৰত হোৱা সংক্ৰমণতো ই সহায় কৰে৷ এনেদৰে এণ্টিছেপটিক ব্যৱহাৰ কৰি শৰীৰত হ’ব পৰা বেক্টেৰিয়াৰ সংক্ৰমণ কমাব পৰা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here