এণ্টাৰ্কটিকা অভিযানত মিলিল বিৰল তিমিৰ সন্ধান

0
34

আৰ্নক্সেৰ ঠোঁটৱালা তিমি বুলি জনাজাত তিমিবিধ বৃহদাকাৰ আৰু ই সমুদ্ৰৰ গভীৰত বাস কৰে৷ সেয়ে পানীৰ পৃষ্ঠত ইয়াৰ উপস্থিতি খুব কম আৰু এই তিমিবিধক সহজে দেখা পোৱা নাযায়৷ সম্প্ৰতি এণ্টাৰ্কটিকা অভিযানৰ সময়ত বিৰল প্ৰজাতিৰ একধৰণৰ তিমিৰ সন্ধান পোৱা বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীৰ দাবী আৰ্নক্সেৰ ঠোঁটৱালা নামে পৰিচিত এই তিমিবিধ বিৰল প্ৰজাতিৰ এবিধ তিমি৷ এই এণ্টাৰ্কটিকা অভিযানটো আছিল ওৱাগেনিনজেন মেৰিন ৰিছাৰ্চ-এ তেওঁলোকৰ অংশীদাৰিত্বৰ সমন্বয়ত কৰা এক গৱেষণাৰ অংশ৷ ইয়াৰ মূলতঃ সমুদ্ৰৰ বৰফ আৰু দক্ষিণ মহাসাগৰৰ খাদ্যজালৰ মাজৰ সম্পৰ্ক দেখা পাইছে৷ খাদ্যজালৰ বিভিন্ন উপাদানত নজৰ দিয়া হৈছে এই গৱেষণাটোত৷ ইয়াৰ ভিতৰত আছে সামুদ্ৰিক পখী বা সামুদ্ৰিক স্তন্যপায়ী প্ৰাণীৰ দৰে শীৰ্ষ চিকাৰী প্ৰাণীও৷ এই অভিযানটো চলোৱা হৈছিল ২০২২ চনত৷ পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত এক শৰৎকালত জাৰ্মানিৰ বৰফভাংগা জাহাজ পোলাৰষ্টাৰ্নৰ দ্বাৰা৷ এই অঞ্চলৰ প্ৰাণীৰ সংখ্যা আৰু বণ্টন দেখাৰ বাবে গৱেষকে দুটা পদ্ধতি ব্যৱহাৰ কৰিছিল৷ এই গৱেষণাৰ বিষয় দুটা ৰোমাঞ্চকৰ আছিল, কাৰণ ১৯৮৮ আৰু ২০১৮ চনৰ মাজত ১১ টা পোলাৰষ্টাৰ্ন অভিযানত এই প্ৰজাতিৰ তিমি এবাৰো দেখা পোৱা নাছিল বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল৷ আৰ্নক্সেৰ ঠোঁটৱালা তিমি এনে এবিধ প্ৰজাতি, যাক সহজে দেখা পোৱা নাযায়৷ আনহাতে ওৱাগেনিনজেন মেৰিন ৰিছাৰ্চ আৰু জাৰ্মানিৰ আলফ্ৰেড ওৱেগেনাৰৰ সহকৰ্মীসকলে আন্তৰ্জাতিক তিমি গৱেষণা প্ৰগ্ৰামৰ তথ্যৰ সৈতে এই তথ্যটো যোগ কৰি গৱেষকৰ দলে মুঠ ১০৮ টা স্থান চিনাক্ত কৰে, য’ত এক হাজাৰ একশ ২৫টা আৰ্নক্সেৰ ঠোঁটৱালা তিমি আছে৷ আগতে ধাৰণা এটা আছিল যে আৰ্নক্সেৰ ঠোঁটৱালা তিমি মূলতঃ দক্ষিণ গোলাৰ্ধৰ মহাসাগৰৰ গভীৰ অংশতহে বাস কৰে৷ কিন্তু নতুন গৱেষণাৰ পৰা জনা গৈছে যে আৰ্নক্সেৰ ঠোঁটৱালা তিমিৰ সন্ধান পোৱা গৈছে উপকূলৰ কাষত অৰ্থাৎ অগভীৰ পানীত৷ বিজ্ঞানীৰ ধাৰণা যে তিমি আৰু সমুদ্ৰৰ বৰফৰ মাজত এটা সংযোগ আছে৷ সম্ভৱতঃ ইয়াৰ খাদ্য বা সুৰক্ষাৰ কাৰণে এনে হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here