এটা স্মাৰ্টফোনৰ আয়ুস আপুনি কিদৰে জানিব ?

0
247


আমি ব্যৱহাৰ কৰা সকলো বস্তুৰে ম্যাদ উকলাৰ অথবা এক্সপেয়াৰীৰ এটা নিৰ্দিষ্ট সময় বা তাৰিখ থাকে৷ সেয়া লাগিলে ঔষধৰ ক্ষেত্ৰতে হওক, খাদ্য সামগ্ৰী তথা আপুনি ব্যৱহাৰ কৰা ফোন, কম্পিউটাৰ, যান বাহনৰ ক্ষেত্ৰতে হওক৷ এই নিৰ্দিষ্ট সময়ত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ অনুপযোগী তথা অকামিলা হৈ পৰে৷ অৰ্থাৎ সেই সামগ্ৰীবিধৰ জীৱন কাল শেষসীমাত উপনীত হৈছে৷ আপুনি ব্যৱহাৰ কৰা স্মাৰ্টফোনৰ ক্ষেত্ৰতে কথাটো একেই৷ ইয়াৰে ম্যাদ উকলাৰ এটা নিৰ্দিষ্ট তাৰিখ থাকে৷ এটা স্মাৰ্টফোনৰ এক্সপেয়াৰী ডেট স্মাৰ্টফোনতে লিখা থাকে৷ বৰ্তমান সসময়ত স্মাৰ্টফোন আমাৰ জীৱনৰ এটা অমূল্য সম্পদ হিচাপে বিবেচিত হৈছে৷ এই অবিচ্ছেদ্য অংগটো অকল কথাৰ আদান প্ৰদানতে সীমাবদ্ধ হৈ থকা নাই৷ এতিয়া ফটো শ্বেয়াৰ কৰা, খোৱা বস্তুৰ অডাৰ্ৰ দিয়াৰ লগতে খাদ্য বস্তু বজাৰৰ পৰা কিনা, ঔষধৰ ক্ৰয় কৰা, কাপোৰ কানিকে ধৰি জীৱন প্ৰণালীৰ সকলো কামতে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ আনকি টকা-পইটাৰ আদান-প্ৰদান, বেংকিং খণ্ডতো মোবাইলটোৰ ব্যৱহাৰ এককভাৱে হৈছে৷ ইয়াৰ বিকল্প এতিয়া যেন আৰু আন একো নাই এই অৱস্থাৰ সৃষ্টি হৈছে৷ স্মাৰ্টফোনটো হৈছে এটা ইলেকট্ৰনিক ডিভাইচ৷ আন ইলেকট্ৰনিক ডিভাইচৰ দৰে ইয়াৰ বেটাৰীতো ৰায়াসনিক ব্যৱহাৰ কৰা হয়, যি এটা নিৰ্দিষ্ট সময়ত পাছত শেষ হৈ যায়৷ আচলতে স্মাৰ্টফোনৰ নিৰ্দিষ্ট ম্যাদ শেষ হোৱাৰ তাৰিখ নাই৷ কিন্তু এনে কিছুমান কাৰণ আছে, যাৰ কাৰণে এদিনৰ বাবে সঠিকভাৱে ব্যৱহাৰ নকৰিলে স্মাৰ্টফোনটো নষ্ট হোৱাৰ আশংকা থাকে৷ এই সমস্যাবোৰ বেটাৰী, চাৰ্কিট ব’ৰ্ড বা তাৰ ক্ষুদ্ৰ যন্ত্ৰাংশৰ লগত হ’ব পাৰে৷ বজাৰত উপলব্ধ এটা ভাল কোম্পানীৰ স্মাৰ্টফোন বছৰৰ পাছত বছৰ চলি থাকে৷ স্মাৰ্টফোনত এইধৰণৰ চিপ তথা যন্ত্ৰাংশ ব্যৱহাৰ কৰা হয়, যি দীৰ্ঘকাল ধৰি সক্ৰিয় হৈ থাকে৷ যদিহে ফোনটো যত্ন সহকাৰে ব্যৱহাৰ কৰা হয় কোনো সমস্যা নহ’লে ৮-১০ বছৰ ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্য মাজে মাজে ইয়া বেটাৰী পৰিৱৰ্তন কৰিব লাগে৷ কিন্তু বৰ্তমান দেখা গৈছে যে কোম্পানীবোৰ লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি ২-৩ বছৰৰ পাছত স্মাৰ্টফোনৰ ছফটৱেৰ আপডেট দিয়াটো বন্ধ কৰি দিয়ে৷ যাৰ কাৰণে পুৰণা স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ অনুপযোগী হৈ পৰে৷ সেয়ে ২ বা তিনি বছৰৰ পাছত আপোনাৰ স্মাৰ্টফোনটো সলনি কৰিবলৈ বাধ্য হৈ পৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here