এছ বি আইৰ প্ৰতিবেদন : কৰ’নাৰ দ্বিতীয়টো ঢৌ এপ্ৰিলৰ দ্বিতীয়াৰ্ধবত সৰ্বাধিক হ’ব

0
1413

ভাৰতীয় ষ্টেট বেংকৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত ফেব্ৰুৱাৰীৰ পৰা কভিড-১৯ত দৈনিক আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি আহিছে আৰু ই ‘এটা দ্বিতীয় ঢৌৰ স্পষ্ট ইংগিত দিয়ে৷’ প্ৰতিবেদনখনত কোৱা হৈছে যে ১৫ ফেব্ৰুৱাৰীৰ পৰা হিচাপ কৰিলে দেখা যায় যে দ্বিতীয়টো ঢৌ ১০০ দিন পৰ্যন্ত থাকিব পাৰে৷ ২৩ মাৰ্চ পৰ্যন্ত সংক্ৰমণৰ গতি-প্ৰকৃতিলৈ চাই ক’ব পাৰি যে ভাৰতত দ্বিতীয়টো ঢৌত প্ৰায় ২৫ লাখ লোকৰ সংক্ৰমণ হ’ব৷ ২৮ পৃষ্ঠাৰ প্ৰতিবেদনখনত কোৱা হৈছে যে স্থানীয়ভাৱে ঘোষণা কৰা লকডাউন আৰু নিষেধাজ্ঞাই কাম দিয়া নাই আৰু এই মহামাৰীৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ গণ টিকাকৰণেই ‘একমাত্ৰ আশা’৷ প্ৰতিবেদনখনত কোৱা হৈছে, ‘বৰ্তমান দৈনিক নতুন সংক্ৰমণৰ দিনৰ সংখ্যাৰ পৰা প্ৰথমটো ঢৌৰ সময়ত হোৱা সৰ্বোচ্ছ পৰ্যায়লৈ হিচাপ কৰিলে দেখা যায় যে ভাৰতত হয়তো এপ্ৰিলৰ দ্বিতীয় ভাগত সংক্ৰমণ সৰ্বোচ্ছ হ’ব৷’ অৰ্থনৈতিক সূচকসমূহৰ সন্দৰ্ভত এছ বি আয়ে কয় যে বিজনেছ এক্টিভিটি ইনডেক্স যোৱা সপ্তাহত  হ্ৰাস পায়৷ বেংকটোৱে লগতে কয় যে কিছুমান ৰাজ্যই আৰোপ কৰা লকডাউন বা নিষেধাজ্ঞাৰ প্ৰভাৱ হয়তো অহা মাহত দেখিবলৈ পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here