Home Daily news এখন জিলাৰ পৰা আনখন জিলালৈ ছোৱাইন ফিভাৰ সম্প্ৰসাৰিত

এখন জিলাৰ পৰা আনখন জিলালৈ ছোৱাইন ফিভাৰ সম্প্ৰসাৰিত

গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ ২২খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ চলিত বছৰটোত ৯০০টা গাহৰিৰ মৃত্যু হোৱাৰ লগতে ৫৫০টা গাহৰি চৰকাৰীভাৱে নিধন কৰা হৈছে৷ 
পশুপালন মন্ত্ৰী অতুল বৰাই এই তথ্য সদৰী কৰে৷ মন্ত্ৰী বৰাই কয় যে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, ওদালগুৰি, বাক্‌সা, কামৰূপ, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ মহানগৰ, মৰিগাঁও, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলালৈ আফ্ৰিকান ছোৱাইন ফিভাৰ সম্প্ৰসাৰিত হৈছে৷ 
এই জিলাকেইখনৰ ৭২টা স্থান ৰোগ বিধৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত কৰাৰ কথা সদৰী কৰি কয় যে ২০২০ চনৰ পৰা এতিয়ালৈ ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ ৪০,৪৮২টা গাহৰিৰ মৃত্যু হৈছে৷ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃত্যু হোৱাটো নিশ্চিত বুলি মন্তব্য কৰি তিনিচুকীয়া আৰু শিৱসাগৰত গাহৰিৰ বিক্ৰী ইতিমধ্যে বন্ধ কৰি দিয়াৰ কথা প্ৰকাশ কৰে৷
তেওঁ কয় যে সংক্ৰমিত হোৱাৰ তিনি দিনৰ ভিতৰত গাহৰি নিধন কৰা হৈছে আৰn নিধনৰ¸ ১০ দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়া হৈছে৷ আনহাতে এই ৰোগৰ বিভিন্ন বিষয়ত সিদ্ধান্ত ল’বৰ বাবে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু আৰু ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সঞ্চালক তথা বিভাগৰ বিষয়াক জড়িত কৰি উচ্ছ স্তৰীয় কমিটী গঠন কৰাৰ কথা সংবাদমেলত মন্ত্ৰী বৰাই প্ৰকাশ কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...