এইসমূহ সমস্যাত জ্বলোৱা তেজপাতৰ গোন্ধ লওক || Smell burnt bay leaf during these problems

0
356
বিভিন্ন ব্যঞ্জনত তেজপাত ব্যৱহাৰ কৰা হয়৷ খাদ্যৰ সুগন্ধি বৃদ্ধিত তেজপাতৰ ভূমিকা অতুলনীয়৷ কিন্তু এবাৰ খাদ্য তৈয়াৰ হোৱাৰ পাছত তেজপাত খাদ্যৰ পৰা বাহিৰ কৰি দিয়া হয়, যেন তেজপাতৰ কাম ইমানলৈহে আছিল৷ পিছে আপুনি জানি আচৰিত হ’ব যে আপুনি যেতিয়া গৰম কেৰাহীত তেজপাত ভাজিবলৈ লয়, তেতিয়া ইয়াৰ পৰা ওলোৱা ধোঁৱাই আমাৰ শৰীৰক যথেষ্ট লাভান্বিত কৰে৷
Burn Bay Leaves Or Tej Patta At Home For These Benefits

(১) যেতিয়া তেজপাত জ্বলোৱা হয়, তেতিয়া ইয়াত থকা কেমিকেলে আমাৰ মগজুত কিছুমান হৰমন নিঃসৰণ কৰে৷ যাৰ বাবে ইয়াৰ ধোঁৱা দেহৰ ভিতৰলৈ গ’লে আমাৰ শৰীৰ-মন শান্ত হয়৷


(২) আপোনাৰ যদি ভাগৰ লাগিছে, তেন্তে কেইটামান তেজপাত জ্বলাই দিয়ক৷ তেজপাতত থকা পাইনিন, চিনিয়ল, ইলিমিচিন কেমিকেলে আপোনাৰ ইন্দ্ৰিয়সমূহ সক্ৰিয় কৰি ভাগৰ দূৰ কৰাত সহায় কৰে৷


(৩) আপোনাৰ যদি ধ্যান-প্ৰাণায়ামত মনোযোগ দিবলৈ অসুবিধা হৈছে, তেন্তে কেইটামান তেজপাত জ্বলাই লওক৷ ই আপোনাৰ মগজু শান্ত কৰি মন আৰু আত্মাক এক কৰাত বিশেষভাৱে অৰিহণা যোগায়৷ সেয়েহে বিভিন্ন ধৰণৰ ধৰ্মীয় স্থানসমূহত মেডিটেশ্যনৰ সময়ত তেজপাত জ্বলোৱা দেখা যায়৷

(৪) লগতে ইয়াৰ গোন্ধে প্ৰাকৃতিকভাৱে এণ্টিইনফ্লেমেটৰি হিচাপে কাম কৰে আৰু গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ দিয়াব পাৰে৷
এক কথাত ক’বলৈ গ’লে মূলতঃ জ্বলোৱা তেজপাতৰ ধোঁৱা নাকেৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে ই বিশেষকৈ আমাৰ মন-মগজুত ইতিবাচক প্ৰভাৱ পেলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here