এইম্‌ছৰ সঞ্চালকৰ মত : অক্সিজেনৰ মাত্ৰা ৯২ শতাংশ হ’লেও আতংকিত হ’ব নালাগে

0
1158

যদি আপোনাৰ অক্সিজেন ছেটুৰেশ্যন লেভেল প্ৰায় ৯৪ শতাংশ, তাৰ অৰ্থ হ’ল যে আপোনাৰ দেহত যথেষ্ট অক্সিজেন আছে৷

ভাৰতস্থিত খিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্‌ছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে কোনোবা ব্যক্তিৰ তেজত অক্সিজেনৰ মাত্ৰা বা অক্সিজেন ছেটুৰেশ্যন লেভেল ৯২ শতাংশৰ পৰা ৯৪ শতাংশ হ’লেও আতংকিত হ’বলগীয়া একো নাই৷ এইম্‌ছে আয়োজন কৰা কভিড-১৯ ৰোগীসকলৰ চিকিৎসাৰ বাবে অক্সিজেন থেৰাপি-বিষয়ক ৱেবিনাৰ এখনত বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে যে ভেণ্টিলেশ্যনতকৈ অক্সিজেন থেৰাপি বেছি গুৰুত্বপূৰ্ণ, কাৰণ অক্সিজেন থেৰাপি দিয়া অধিক লোকক পুনৰ জীৱন দিব পাৰি৷ কিন্তু অক্সিজেন ৰাহি কৰা আৰু নষ্ট নকৰাটোও সমানেই গুৰুত্বপূৰ্ণ৷ যদি কাৰোবাৰ অক্সিজেন ছেটুৰেশ্যন প্ৰায় ৯৫%, তাক ৯৮ বা ৯৯ শতাংশলৈ বৃদ্ধি কৰিবলৈ বিচৰাটো অৰ্থহীন৷ ডাঃ গুলেৰিয়াই কয় যে যদি আপোনাৰ অক্সিজেন ছেটুৰেশ্যন লেভেল প্ৰায় ৯৪ শতাংশ, তাৰ অৰ্থ হ’ল যে আপোনাৰ দেহত যথেষ্ট অক্সিজেন আছে৷ আগতে হাঁওফাঁওৰ অসুখ থকা লোকক আমি যেতিয়া দীঘলীয়া সময়ৰ বাবে অক্সিজেন থেৰাপি দিছিলোঁ, আমি দেখিছিলোঁ যে অক্সিজেন ছেটুৰেশ্যন লেভেল আনকি ৮৮ শতাংশ হোৱা লোকো ভালে আছিল৷ অক্সিজেনৰ লেভেল ৯২ বা ৯৩ শতাংশ হ’লে সংকটজনক বুলি গণ্য কৰিব নালাগে৷ কিন্তু আতংকিত নহৈ চিকিৎসা সহায় বিচাৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here