এইবোৰ ফল ডায়েবেটিছৰ কাৰক হ’ব পাৰে

0
344
প্ৰচুৰ পৰিমাণৰ ভিটামিন, মিনাৰেল, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট তথা শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানৰ ভাল উৎস হৈছে ফল৷ ফলত প্ৰাকৃতিক চেনি বা শৰ্কৰা পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অপকাৰী নহয়৷ কিন্তু যিসকল লোকৰ ডায়েবেটিছ আছে নাইবা ওজন নিয়ন্ত্ৰণ কৰি আছে, তেওঁলোকে অধিক শৰ্কৰাযুক্ত ফল নোখোৱাই ভাল অথবা খালেও যাতে কম পৰিমাণে খায়৷ সেয়েহে মধুমেহ ৰোগীসকলে জনা উচিত যে কোনবোৰ ফলত অধিক শৰ্কৰা বা চেনি পোৱা যায়৷

(১) প্ৰায় মধ্যমীয়া আকাৰৰ এটা আমত ৪৫ গ্ৰাম চেনি পোৱা যায়৷ সেয়েহে যিসকল লোকে ওজন হ্ৰাস কৰিব বিচাৰিছে বা মধুমেহ ৰোগত আক্ৰান্ত, তেওঁলোকে আম নোখোৱাই ভাল৷

Is it safe for diabetics to eat mangoes? Check this diabetes diet guide | Health - Hindustan Times


(২) একাপ আঙুৰত প্ৰায় ২৩ গ্ৰাম চেনি থাকে৷ সেয়েহে মধুমেহ ৰোগীসকলে যদি আঙুৰ খাব বিচাৰিছে অতি সামান্য পৰিমাণে ওটমিলৰ লগত গ্ৰহণ কৰিব পাৰে৷

Overnight Oats with Grapes and Pecans Recipe | SELF


(৩) কল শক্তিৰ উৎস৷ কিন্তু এটা মধ্যমীয়া আকাৰৰ কলত প্ৰায় ১৪ গ্ৰাম চেনি পোৱা যায়৷ সেয়েহে আপুনি কল খালেও এটা কলৰ আধা ফাল নাইবা চেণ্ডউইছৰ লগত সামান্য পৰিমাণে খাব পাৰে৷

Nutella and Banana Sandwich - Closet Cooking


(৪) তৰমুজ ইলেকট্ৰলাইছেৰে পৰিপূৰ্ণ, যাৰ সেৱনে আমাৰ শৰীৰটোক হাইড্ৰেট কৰি ৰাখে৷ কিন্তু তৰমুজত প্ৰায় ১৭ গ্ৰাম চেনি পোৱা যায়৷ সেয়েহে মধুমেহ ৰোগীয়ে তৰমুজ খালে দুপিচৰ ওপৰ খাব নালাগে৷

8 Reasons to Love Watermelon


(৫) একেদৰে এটা মধ্যমীয়া আকাৰৰ নাচপতিতো ১৭ গ্ৰাম চেনি থাকে৷ সেয়েহে আপুনি যদি ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰি আছে, তেন্তে গোটেই ফলটো নাখাব৷ নাচপতি সৰুকৈ পিচ কৰি কম চৰ্বিযুক্ত দৈ বা চালাডৰ লগত আপুনি গ্ৰহণ কৰিব পাৰে৷

Greek Yogurt Parfait with Pears and Walnuts - Aggie's Kitchen

LEAVE A REPLY

Please enter your comment!
Please enter your name here