এইবোৰ ঘৰুৱা কামে আপোনাৰ ওজন কমাব পাৰে

0
1211

ওজন নিয়ন্ত্ৰণ কৰাত ডায়েট আৰু ব্যায়ামৰ ভূমিকা উল্লেখনীয়৷ কিন্তু ইয়াৰ লগতে যদি আপুনি দৈনিক ঘৰৰ সকলো কাম নিজেই কৰে, তেন্তে ইয়াৰ জৰিয়তেও আপোনাৰ ওজন নিয়ন্ত্ৰণ হোৱাৰ লগতে কঁকাল, ভৰি, পিঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে৷ যিমানে আপোনাৰ শৰীৰ সক্ৰিয় হৈ থাকিব, সিমানে আপুনি সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিব পাৰিব৷ সেয়েহে গ্ৰামাঞ্চলৰ মহিলাসকল চহৰাঞ্চলৰ মহিলাসকলতকৈ অধিক শাৰীৰিকভাৱে সুস্থ হয়৷

গতিকে আপুনিও যদি দীৰ্ঘদিনলৈ সু-স্ব্যস্থ্যৱান হৈ থাকিবলৈ বিচাৰিছে, তেন্তে আজিৰ পৰা ঘৰৰ এইবোৰ কাম কৰিবলৈ লওক–
(১) আপুনি জানেনে ঘৰ মোচা কাৰ্য কৰিলে আপুনি আধা ঘণ্টাত ১৪৫ কেলৰি কমাব পাৰে, যিটো ট্ৰেডমিলত ১৫ মিনিট দৌৰাৰ সমান হয়৷ গতিকে যিমান পাৰি বহি লৈ ঘৰ মোচা অভ্যাস কৰিলে অধিক সুফল লাভ কৰিব পাৰি৷


(২) ৱাশ্বিং মেচিন অহাৰ পৰা মানুহে নিজে কাপোৰ ধুবলৈ যেন বাদেই দিছে৷ কিন্তু হাতেৰে কাপোৰ ধুলে আপুনি ৬০ মিনিটত ৮৫ কেলৰি কম কৰিব পাৰে, যিটো ১০০ বাৰ উঠা-বহা কৰাৰ সমপৰ্যায় হয়৷


(৩) পাচলি কটাৰ পৰা ভাত ৰন্ধালৈ এনেকুৱা বহু কাম থাকে, য’ত আমাৰ শৰীৰ সম্পূৰ্ণৰূপে ব্যস্ত হৈ থাকে৷ গতিকে খাদ্য বনোৱাৰ সময়ত এঘণ্টাত আপুনি ১৫০ কেলৰি হ্ৰাস কৰিব পাৰে, যিটো ১৫ মিনিট এৰোবিক্স কৰাৰ সমান হয়৷


(৪) ঘৰৰ আচবাব, টিভি, ফ্ৰীজ, টেবুল আদি বিভিন্ন সামগ্ৰী চাফা কৰাৰ সময়ত আপুনি ৩০ মিনিটত ১৮০ কেলৰি কম কৰিব পাৰে, যিটো ১৫ মিনিট চাইকেল চলোৱাৰ সমান হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here