এইবোৰ খাদ্য খাই উঠি কেতিয়াও দাঁত ব্ৰাছ নকৰিব

0
2058

কফি, কমলাৰ ৰস, ছৌডা আদি খাই ব্ৰাছ কেতিয়াও কৰিব নালাগে৷ এনেধৰণৰ পানীয় বিশেষকৈ এচিডিক হয় আৰু ইয়ে আপোনাৰ দন্তবল্কক (Enamel) ক্ষতি কৰিব পাৰে৷

দিনত দুবাৰ ব্ৰাছ কৰাটো দেখিবলৈ একেবাৰে সহজ কাম যেন লাগে নহয়নে? যদিও ই সহজ কাম হয়, কিন্তু তাতেও আমাৰ কিছুমান সৰু-সুৰা ভুলৰ বাবে দাঁত তথা মুখগহ্বৰৰ ক্ষতি সাধন হব পাৰে৷ উদাহৰণস্বৰূপে, দাঁত মাজোতে জিভা চাফা কৰিবলৈ পাহৰা, জোৰে জোৰে দাঁত ঘঁহা, ব্ৰাছ সলনি নকৰা ইত্যাদি৷ এইবোৰৰ বাহিৰেও আৰু এটা কাৰণ আছে, যাৰ ফলত আপোনাৰ দাঁতৰ দন্তবল্ক (Enamel)অংশ অৰ্থাৎ দাঁতৰ একেবাৰে বাহিৰৰ অংশ যিয়ে দাঁতক আৱৰি ৰাখে, এই অংশক ক্ষতি কৰিব পাৰে৷ কফি, কমলাৰ ৰস, ছৌডা আদি খাই ব্ৰাছ কেতিয়াও কৰিব নালাগে৷ এনেধৰণৰ পানীয় বিশেষকৈ এচিডিক হয় আৰু ইয়ে আপোনাৰ দন্তবল্কক (Enamel) ক্ষতি কৰিব পাৰে৷ বিশেষজ্ঞৰ মতে আপুনি যদি এনেধৰণৰ পানীয় সেৱন কৰি উঠিয়েই দাঁত মাজে, তেন্তে আপোনাৰ দাঁত ভঙা বা ক্ষয় যাব পাৰে৷ যদিও আমাৰ দন্তবল্ক অংশ কঠিন হয়, তথাপি ই আমাৰ শৰীৰৰ হাড়সমূহত থকা কেলচিয়ামৰ দৰে একেই৷ যাৰ বাবে এচিডিক পানী সেৱন কৰি উঠি ব্ৰাছ কৰিলে আমাৰ দাঁতৰ গঠনক দুৰ্বল কৰি পেলায় আৰু দন্তবল্ক ক্ষয় যাবলৈ ধৰে৷ যদি আপোনাৰ দন্তবল্ক (Enamel) নষ্ট হয়, তেন্তে দাঁত পোকে খোৱা, ছেনচিটিভিটি, দাঁতৰ ইনফেকশ্যন আদি সমস্যাই দেখা দিব পাৰে৷ আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনৰ মতে, এচিডিক পানীয় বা খাদ্য খোৱাৰ পাছত দাঁত ব্ৰাছ কৰিবলৈ হ’লে ৬০ মিনিটমান ৰৈ দিব লাগে আৰু যদি আপোনাৰ হাতত ৬০ মিনিট ৰ’বলৈ সময় নাই, তেন্তে এগিলাচ পানী নাইবা ছুগাৰলেচ চুইংগাম চোবাওক৷ ছৌডা, জুচ, স্প’ৰ্টছ ড্ৰিংকছ নাইবা যিকোনো এচিডিক পানীয় সেৱনৰ ফলত দাঁতত চেনি ৰৈ যায়৷ যাক পানীৰ দ্বাৰা বাহিৰ কৰি দিব পাৰি৷ পানীয়ে মুখৰ বেক্টেৰিয়া কম কৰাৰ লগতে এচিডৰ পৰিমাণো পাতলাই দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here