এইবাৰ মাৰাত্মক মাৰবাৰ্গ ভাইৰাছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

0
380
সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীৰ তাণ্ডৱ মাৰ নৌযাওঁতেই এইবাৰ মাৰাক্মক মাৰবাৰ্গ নামৰ আন এক ভাইৰাছৰ আক্ৰমণে বিশ্বৰ জনসাধাৰণক সন্ত্ৰসিত কৰি তুলিছে৷ পশ্চিম আফ্ৰিকান ৰাষ্ট্র গিনিত মাৰাত্মক মাৰবাৰ্গ ভাইৰাছত আক্ৰান্ত হয় এজন লোক৷ পাছত চিকিৎসালয়ত মানুহজনৰ মৃত্যু ঘটে৷ গিনিৰ গুৱেকেডু অঞ্চলৰ এই লোকজনে এইবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল৷ মন কৰিবলগীয়া যে উক্ত অঞ্চলটোতে বিশ্বৰ ভিতৰতে প্ৰথম ইব’লা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটিছিল৷ স্মৰ্তব্য যে ইব’লা-সদৃশ এই ভাইৰাছবিধক আৰম্ভণিতে প্ৰতিৰোধ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছে৷ আনহাতে বাদুলিৰ পৰা মানুহৰ দেহলৈ এই ভাইৰাছবিধ সংক্ৰমণ ঘটে বুলি গিনিৰ চিকিৎসকে নিশ্চিত কৰিছে৷ সাধাৰণতে তৰল পদাৰ্থৰ জৰিয়তে মানুহৰ দেহলৈ মাৰবাৰ্গ নামৰ মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ ঘটে৷ উল্লেখ্য যে অত্যধিক মূৰৰ বিষ, জ্বৰ, তেজ বমি বা হঠাতে শৰীৰৰ বিভিন্ন অংগৰ পৰা ৰক্তক্ষৰণ হোৱা, মাংসপেশীৰ বিষ, আদি লক্ষণে দেখা দিলে মাৰবাৰ্গত আক্ৰান্ত হোৱাটো নিশ্চিত হয়৷ এইবিধ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বৰ্তমানলৈকে কোনোধৰণৰ চিকিৎসা ব্যৱস্থা উদ্ভাৱন হোৱা নাই৷ অত্যধিক পৰিমাণে পানী সেৱন কৰি মাৰবাৰ্গ আক্ৰান্ত ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here