এইবাৰ বাৰ্ড ফ্লুৰ আতংক ! ক’ত জানেনে?

0
1633

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ চলি থকাৰ সময়তে এইবাৰ বাৰ্ড ফ্লুৰ সংক্ৰমণ হোৱা বুলি তথ্য লাভ কৰা হৈছে৷ ইয়াৰ পাছত সমগ্ৰ দেশতে বাৰ্ড ফ্লুক লৈ আতংকৰ সৃষ্টি হৈছে৷ কেইবাখনো জিলাত ইতিমধ্যে বাৰ্ডফ্লুৰ সতৰ্কতা জাৰি কৰা হৈছে৷ ৰাজস্থানৰ পাঁচখন জিলাত যোৱা এসপ্তাহে কাউৰীৰ মৃত্যুৰ ধাৰা অব্যাহত আছে৷ হিমাচল প্ৰদেশত প্ৰায় ১৪০০ কাউৰীৰ অজ্ঞাত কাৰণত মৃত্যু হৈছে৷ ইফালে ঢালৱাৰৰ পৰা ভূপাললৈ মৃত চৰাইৰ নমুনা প্ৰেৰণ কৰা হয় আৰু তাত এই চৰাইবোৰ বাৰ্ড ফ্লুত মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷ হিমাচল প্ৰদেশৰ পং ডেম অভয়াৰণ্যত ১৭০০ পৰিভ্ৰমী চৰাই সন্দেহজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ মধ্য প্ৰদেশৰ ইন্দোৰত এখন কলেজৰ চৌহদত তিনি দিনত শতাধিক কাউৰী মৃত অৱস্থাত পোৱা হয়৷ ইয়াৰ পাছত জিলাখনত সতৰ্কতা অৱলম্বন কৰা হৈছে৷ ইয়াৰে দুটা কাউৰীৰ দেহত এইচ-৫এন-৮ ভাইৰাছ পোৱা গৈছে৷ গুজৰাটত ৫৩টা চৰাইৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here