এইবাৰ কৰ’না শিশুৰ বাবে কিয় ভয়াৱহ হৈ পৰিছে?

0
2053

শিশু আৰু যুৱক-যুৱতীসকলৰ সংক্ৰমণ অধিক হৈছে৷

ভাৰতত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় ঢৌ শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে৷ কেইবাখনো ৰাজ্যত নৱজাতকৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীৰ সংক্ৰমণৰ হাৰ অধিক হৈছে৷ প্ৰথমটো ঢৌত কৰ’নাই বয়স্ক আৰু ৰুগীয়া লোকসকলক লক্ষ্য কৰি লৈছিল৷ এতিয়া শিশু আৰু যুৱক-যুৱতীসকলৰ সংক্ৰমণ অধিক হৈছে৷  মহাৰাষ্ট্ৰত ০-৫ বছৰ বয়সৰ ১০ হাজাৰ আৰু ৬-১০ বছৰ বয়সৰ ১৫ হাজাৰতকৈ অধিক শিশুৰ সংক্ৰমণ হৈছে৷ ছট্টিশগড়ত ০-৫ বছৰ বয়সৰ ৯০০ আৰু ৬-১০ বছৰ বয়সৰ ১৫ হাজাৰতকৈ অধিক শিশু এই ৰোগত আক্ৰান্ত হৈছে৷ কৰ্ণাটকত ০-৫ বছৰ বয়সৰ ৯০০ আৰু ৬-১০ বয়সৰ ১২০০তকৈ অধিক শিশু, দিল্লীত ০-৫ বছৰ বয়সৰ ৪৫০ আৰু ৬-১০ বছৰ বয়সৰ ৭০০তকৈ অধিক শিশুৰ সংক্ৰমণ হৈছে৷ ইয়াৰ লগতে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশকে ধৰি আন কেইবাখনো ৰাজ্যত শিশুৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে৷ আনহাতে সংক্ৰমিত হোৱা যুৱক-যুৱতীসকলৰ অধিকাংশই কৰ্মৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here