এইবাৰ কোকৰাঝাৰত আতংকিত ছাত্ৰ-ছাত্ৰী

0
949

ৰাজ্যত কৰ’নাসৃষ্ট পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাজ্যখনৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে৷ ডিব্ৰুগড় এয়াৰপ’ৰ্টত কভিডৰ ডাবল মিউটেণ্টত আক্ৰান্ত এজন ৰোগী ধৰা পৰাৰ পাছতেই এইবাৰ কোকৰাঝাৰ জিলাৰ ভালেসংখ্যক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কৰ’নাৰ গ্ৰাসত পৰিছে আৰু ইয়াক লৈয়ে বৰ্তমান ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল শংকিত হৈ পৰিছে৷ কোকৰাঝাৰ ডি এন হিম্মৎসিংকা হাইস্কুল, শক্তি আশ্ৰম উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু উত্তৰ ঘোঁৰামাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰী কৰ’নাৰ কবলত পৰিছে বুলি জানিব পৰা গৈছে৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কোকৰাঝাৰ ডি এন হিম্মৎসিংকা হাইস্কুলক কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে এইখন হাইস্কুলৰ সন্মুখৰ ৰাস্তাৰেও গাড়ী-মটৰৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here