এইকেইটা সমস্যা থাকিলে ইলাচি নাখাব

0
1708

ইলাচিক মছলাৰ ৰাণী বুলি কোৱা হয়৷ ইলাচি এবিধ সুগন্ধিযুক্ত মছলা৷ অতিৰিক্ত সোৱাদ পাবৰ বাবে আমি সাধাৰণতে ইলাচি ব্যৱহাৰ কৰোঁ৷ ইয়াৰ উপকাৰিতাসমূহৰ ভিতৰত মুখৰোচক, মুখৰ দুৰ্গন্ধ আঁতৰাবলৈ, দাঁত ক্ষয় নহ’বলৈ আনকি ইলাচিৰ পৰা প্ৰস্তুত কৰা তেল মুখৰ সমস্যা দূৰ কৰাত কাৰ্যকৰী এবিধ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ ইলাচিয়ে কেঞ্চাৰৰ প্ৰতিৰোধ হিচাপে কাম কৰে৷ ডায়েটৰ বাবে এবিধ গুৰুত্বপূৰ্ণ মছলা হিচাপে ইলাচিৰ ভূমিকা থাকিলেও ইলাচি খালে বিপজ্জনক হ’ব পাৰে৷ কি কি সমস্যাৰে সৃষ্টি হ’ব পাৰে জানো আহক–

(১) গৰ্ভাৱস্থাত খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সচেতন হোৱা দেখা যায়৷ এই সময়ত অত্যধিক পৰিমাণে ইলাচি খাব নালাগে৷ ইয়াৰ ফলত গৰ্ভপাতপৰ্যন্ত হ’ব পাৰে৷
(২) যিসকলৰ গলব্লাডাৰ বা কিডনীৰ সমস্যা আছে, সেইসকলৰ কাৰণে ইলাচি ক্ষতিকাৰক হ’ব পাৰে৷ ইলাচিৰ বীজে শৰীৰত পাথৰৰ সমস্যা বঢ়াব পাৰে৷
(৩) এলাৰ্জিৰ সমস্যা থকাসকলে ইলাচি খোৱাৰ পৰা দূৰত থকাটো ভাল৷ তেনে সমস্যা থকা লোকৰ শ্বাসকষ্টত বেমেজালি হ’ব পাৰে৷
(৪) এই সমস্যাসমূহৰ উপৰি অতিৰিক্ত ইলাচি খোৱা ফলত কাহ আৰু বমি বমি ভাব হ’ব পাৰে৷ ইলাচিৰ সোৱাদ ঠাণ্ডা হোৱা বাবে অতিৰিক্ত খোৱাৰ ফলত কাহ হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here