ঊণৰ কাপোৰ পিন্ধিলে গৰম অনুভৱ হোৱাৰ কাৰণ কি জানেনে?

0
1995

শীতৰ আগমনৰ লগে লগেই আমাৰ শৰীৰটো শীতৰ পৰা বচাবলৈ ঊণেৰে তৈয়াৰী ছুৱেটাৰ, শ্বল আদিবোৰ ব্যৱহাৰ কৰোঁ৷ সাধাৰণতে শীতৰ প্ৰকোপ পৰ্বতীয়া ঠাইবোৰত অধিক হোৱা হেতু উক্ত ঠাইত বসবাস কৰা প্ৰাণীবোৰৰ শৰীৰটো ডাঠ নোমেৰে আবৃত৷ এনেধৰণৰ নোমে তৰপে তৰপে বহুত বায়ু ধৰি ৰাখিব পাৰে৷ বায়ু তাপৰ কুপৰিবাহী হোৱা বাবে নোমবোৰে প্ৰাণীৰ শৰীৰ গৰম কৰি ৰাখিব পাৰে৷ ভেড়া, ছাগলী, য়াক, উট, লামা আদি জন্তুবোৰ এনে নোমযুক্ত প্ৰাণীৰ ভিতৰত পাৰে৷ এনে প্ৰাণীৰ নোমৰ পৰাই উল তৈয়াৰ কৰা হয়৷ উলসূতা কেনেকৈ তৈয়াৰ কৰে জানো আহক৷ উপৰিউক্ত প্ৰাণীবোৰৰ নোমাল ছালখনত দুইধৰণৰ নোম থাকে৷ ইয়াৰে ওপৰৰ অংশ খহটা আৰু ছালৰ ওচৰৰ মিহি কোমল অধঃস্থ নোম থাকে৷ সাধাৰণতে ভেড়াৰ পৰা আমাৰ দেশত ঊণ তৈয়াৰ কৰা হয় যদিও তিব্বত, লাডাখ আদিত য়াকৰ ঊণ পোৱা যায়৷ এংগোৰা নামৰ ছাগলীৰ পৰা জম্মু আৰু কাশ্মীৰত ঊণ পোৱা যায়৷ এনেধৰণৰ মিহি নোমবোৰ শ্বল ব’বলৈ ব্যৱহাৰ কৰে৷ এই শ্বলবোৰক পছমিনা শ্বল বোলে৷ ঊলৰ ভিতৰত কাশ্মীৰী ঊণৰ আদৰ সকলোতকৈ বেছি৷ উটৰ শৰীৰৰ নোমবোৰো ঊণ হিচাপে ব্যৱহাৰ কৰা হয়৷ দেখা যায় যে জাৰকালি ভেড়াবোৰক ভেড়াপালকে ঘৰৰ ভিতৰত ৰাখি গছৰ পাত, শস্য আৰু দানা খুৱায়৷ যেতিয়া ভেড়াবোৰৰ নোমবোৰ ডাঠ আৰু দীঘল হয়, তেতিয়া ঊণ সূতাৰ বাবে ইয়াৰ নোমবোৰ খুৰাই দিয়া হয়৷ শীতকাল শেষ হোৱাৰ পাছতহে এনেদৰে ভেড়া বা ছাগলীৰ পৰা বছৰত এবাৰকৈ নোম সংগ্ৰহ কৰা হয়৷ এইদৰে সংগ্ৰহ কৰা নোমবোৰ মেচিনৰ সহায়ত পৰিষ্কাৰকৰণ কৰা হয়৷ পৰিষ্কাৰ কৰা নোমবোৰৰ মসৃণতাৰ ভিত্তিত পৃথক কৰা হয়৷ পৃথক কৰা নোমবোৰৰ পৰা শুং, ভোবোৰা থকা নোম বা সৰু গুটি আঁতৰাই আঁহবোৰৰ পৰাই ঊণ সূতা প্ৰস্তুত কৰা হয়৷ এই ঊণ সূতাকে বজাৰৰ পৰা কিনি ছুৱেটাৰ গুঁঠিবলৈ ব্যৱহাৰ কৰা হয়৷আমি শীতকালত ঊণৰ কাপোৰ কিয় পিন্ধো? উলৰ কাপোৰসমূহ অতি কোমল আৰু ফাঁকযুক্ত৷ উলৰ কাপোৰৰ মাজত যথেষ্ট বায়ু সোমাই থাকে৷ যিহেতু বায়ু তাপৰ কুপৰিবাহী, সেয়ে শৰীৰৰ তাপ চৌপাশৰ শীতল অঞ্চললৈ ওলাই যোৱাত বায়ুৱে বাধা দিয়ে৷ সেয়ে আমি গৰম অনুভৱ কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here