উহানৰ সকলো বাসিন্দাকে কভিড পৰীক্ষা কৰোৱা হ’ব

0
456
কৰ’নাৰ উৎপত্তিস্থল চীনত কৰ’নাৰ সংক্ৰমণ প্ৰায় নাইকিয়া হৈছিল যদিও বৰ্তমান চীনত পুনৰ কৰ’নাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷ কৰ’না ভাইৰাছৰ প্ৰথম প্ৰাদুৰ্ভাৱ ঘটা মধ্য চীনৰ উহান মহানগৰীৰ সকলো বাসিন্দাকে কভিড-১৯ৰ পৰীক্ষা কৰোৱা হ’ব৷ মহানগৰখনৰ কতৃৰ্পক্ষই এই কথা সংবাদ মাধ্যমক জনায়৷ উহানৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদমেলত জনায় যে ১.১ কোটি লোকে বাস কৰা মহানগৰখনৰ সকলো বাসিন্দাৰে নিউক্লিইক এচিড পৰীক্ষণ দ্ৰুতগতিৰে আৰম্ভ কৰা হৈছে৷ কতৃৰ্পক্ষই  জনাইছিল যে প্ৰৱাসী শ্ৰমিকৰ দেহত সাতটা স্থানীয়ভাৱে সোঁচৰা সংক্ৰমণ পোৱা গৈছিল৷ মহানগৰখনত কেইবা মাহৰ ভিতৰত সংক্ৰমণ বৃদ্ধি পোৱাত চীনে মহানগৰখনৰ বাসিন্দাক ঘৰৰ ভিতৰতে থাকিবলৈ দিছে৷ পৰিবহণ ব্যৱস্থা কৰ্তন কৰিছে আৰু ব্যাপকভাৱে পৰীক্ষা আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here