উষ্ণতা বৃদ্ধিৰ বাবে গুলমাৰ্গতএইবাৰ শীতকালত নহ’ল তুষাৰপাত

0
119

শীতকালত সাধাৰণতে হিমালয়ৰ পাদদেশ বৰফেৰে আবৃত হৈ থাকে৷ কাশ্মীৰত এই দৃশ্য শীতকালত স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ কাশ্মীৰলৈ পৰ্যটকৰ আগমন ঘটে৷ কাশ্মীৰৰ গুলমাৰ্গো ইয়াৰ ব্যতিক্ৰম নহয়৷ বৰফেৰে আবৃত মনোৰম দৃশ্য চাবলৈ গুলমাৰ্গলৈ শীতকালত প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে৷ চলিত বছৰত কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখা গ’ল৷ চলিত বৰ্ষত কিন্তু এইটো হোৱা নাই গুলমাৰ্গত৷ হিমালয়ৰ এঢলীয়া অঞ্চলবোৰ এইবাৰ মুকলি হৈ আছে আৰু মুগা বৰণ ধৰিছে৷ ইয়াৰ কাৰণ হ’ল গুলমাৰ্গ তাপমাত্ৰাৰ হাৰ বৃদ্ধি৷ জলবায়ু পৰিৱৰ্তন আৰু উষ্ণতা বৃদ্ধিৰ বাবেই গুলমাৰ্গই এইবাৰ বৰফ নপৰিল আৰু এঢলীয়া অঞ্চলবোৰ উকা হৈ পৰিল৷ পৃথিৱীৰ উষ্ণতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শীতকালত বৰফেৰে আবৃত হৈ থকা গুলমাৰ্গৰ সেই আগৰ পৰিৱেশ নাইকিয়া হৈ পৰিছে৷ আনহাতে গুলমাৰ্গক থকা স্কি উদ্যোগতো ইয়াৰ প্ৰভাৱ পৰিছে৷ বৰফ গলনৰ হাৰ বৃদ্ধিৰ ফলত স্কি উদ্যোগটো যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ শীতকালত বৰফেৰে ঢাকি শুকুলা আচ্ছাদনেৰে পৰিপূৰ্ণ গুলমাৰ্গ এইবাৰ দেখা গ’ল মুগা বৰণীয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here