উশাহ-নিশাহত ওলোৱা ক্ষুদ্ৰ কণাৰ জৰিয়তে কৰ’না ভাইৰাছ সংক্ৰমিত হ’ব পাৰে

0
1264

বিজ্ঞানীৰ মতে, বন্ধ কোঠা বা কাৰ্যালয় এতিয়া সংক্ৰমণৰ নতুন কেন্দ্ৰ হৈ পৰিছে৷ কৰ’না ভাইৰাছত বায়ুত ওপঙি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ জৰিয়তে কেইবা ঘণ্টালৈ জীৱিত থাকিব পাৰে আৰু মুকলি বতাহ নোসোমোৱা স্থানত ভাইৰাছ জীৱিত থকাৰ সম্ভাৱনা সৰ্বাধিক বুলি কোৱা হৈছে৷

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন চমুকৈ চি ডি চি-এ এই কথা প্ৰকাশ কৰিছে যে কৰ’না ভাইৰাছৰ সংক্ৰমণ বায়ুমণ্ডলৰ পৰাও হ’ব পাৰে৷ কৰ’না ভাইৰাছক লৈ কৰা অধ্যয়নৰ পৰা চি ডি চিয়ে এই কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে কয় যে এৰ’ছলৰ জৰিয়তে ভাইৰাছ বতাহতো বিয়পে৷ এনে অৱস্থাত ছয় ফুট দূৰত্বও যথেষ্ট নহয় বুলি কোৱা হৈছে৷ এই অধ্যয়নত জড়িত বিজ্ঞানীৰ মতে, বন্ধ কোঠা বা কাৰ্যালয় এতিয়া সংক্ৰমণৰ নতুন কেন্দ্ৰ হৈ পৰিছে৷ কৰ’না ভাইৰাছত বায়ুত ওপঙি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ জৰিয়তে কেইবা ঘণ্টালৈ জীৱিত থাকিব পাৰে আৰু মুকলি বতাহ নোসোমোৱা স্থানত ভাইৰাছ জীৱিত থকাৰ সম্ভাৱনা সৰ্বাধিক বুলি কোৱা হৈছে৷ ভাৰ্জিনিয়া টেকন’লজিৰ এৰ’ছল বিশেষজ্ঞ অধ্যাপক লিন্‌ছে মাৰে কয় যে কৰ্মস্থানৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন৷ কাৰ্যালয়ত কাম কৰা এজন কৰ্মচাৰীয়ে শ শ কৰ্মচাৰীৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে৷ চি ডি চিৰ মতে, উশাহ-নিশাহ লোৱাৰ সময়ত ওলোৱা ক্ষুদ্ৰ কণাৰ জৰিয়তে কৰ’না ভাইৰাছ এজনৰ পৰা আনজনলৈ সংক্ৰমিত হ’ব পাৰে৷ ই ইমানেই শক্তিশালী যে মানৱ কোষত সহজে প্ৰৱেশ কৰিব পাৰে৷ এবাৰ শৰীত প্ৰৱেশ কৰাৰ পাছত সংক্ৰমণ কৰিবলৈ ধৰে৷ চি ডি চিয়ে প্ৰকাশ কৰা নতুন নিৰ্দেশত এই কথা কোৱা হৈছে৷ ইয়াত লগতে কোৱা হৈছে যে কথা কোৱাৰ সময়ত মুখৰ পৰা ওলোৱা ক্ষুদ্ৰ কণাত থকা ভাইৰাছ বতাহত মিলি যায় আৰু বহুত সময়লৈকে সক্ৰিয় হৈ থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here