উদ্বেগজনক : অসমত প্ৰতিবছৰে কেঞ্চাৰত আক্ৰান্ত হয় ৫০ হাজাৰ

0
191


ৰাজ্যত কৰ্কট ৰোগত আক্ৰান্তৰ লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ শেহতীয়াভাৱে পোৱা তথ্য মতে অসমত নতুনকৈ ৫০ হাজাৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ অসম বিধানসভাত এই তথ্য সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৫৪ নম্বৰ নিয়মৰ অধীনত কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়টো বিধায়কদ্বয় জয়ন্ত বসুমতাৰী আৰু জাকিৰ হুছেইন শিকদাৰে দৃষ্টিগোচৰ কৰি বিনামূলীয়াকৈ সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনায়৷ বিধায়কজনে দৃষ্টিগোচৰ কৰা বিষয়টোৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী মহন্তই কয় যে ৰাজ্যৰ তিনিখন জিলা ক্ৰমে দৰং, চিৰাং আৰু কামৰূপত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক চিনাক্ত কৰা হৈছে৷ চিদলী সমষ্টিত নতুনকৈ বহু লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰী কৰি কয় যে যিসকল লোক আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে, সেইসকল লোকৰ আৰোগ্য হোৱাৰ সুযোগ কম থাকে৷ কিয়নো আক্ৰান্ত সত্তৰ শতাংশ লোকেই পলমকৈ চিনাক্ত হয়৷ বহু লোকে পলমকৈ চিকিৎসকৰ কাষ চপাৰ বাবে এই ৰোগৰ পৰা সম্পূৰ্ণ আৰাগ্য হোৱাৰ সুযোগ কম থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে শেহতীয়াভাৱে এক কোটি লোকৰ স্ক্ৰিনিং কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এতিয়ালৈকে ৪০ হাজাৰ লোকৰ স্ক্ৰিনিং কৰা সম্পন্ন কৰা হৈছে৷ ৰাজ্যখনত এতিয়া কৰ্কট ৰোগৰ পৰ্যাপ্ত ব্যৱস্থা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সাতখন চিকিৎসালয়ত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে সম্পূৰ্ণ আন্তঃগাঁথনি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here