উত্তৰ ভাৰতত শীতৰ প্ৰকোপ কেনে?

0
1826

উত্তৰ ভাৰত প্ৰচণ্ড শীত প্ৰৱাহৰ কবলত পৰাৰ সম্ভাৱনা আছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) এই কথা প্ৰকাশ কৰে৷ ইয়াৰ লগতে প্ৰচণ্ড শীতত আৰু ইংৰাজী নৱবৰ্ষ পালনৰ সময়ত সুৰাপান নকৰিবলৈও আই এম ডিয়ে পৰামৰ্শ দিছে৷ আই এম ডিৰ মতে প্ৰচণ্ড শীতত সুৰাপান কৰিলে শৰীৰৰ তাপমাত্ৰা হ্ৰাস পাব পাৰে৷ ইয়াৰ লগতে শীত প্ৰৱাহৰ সময়ত ঘৰৰ ভিতৰত থাকিবলৈ, ভিটামিন ‘চি’ থকা খাদ্য অধিক পৰিমাণে খাবলৈও জনসাধাৰণক পৰামৰ্শ দিয়া হৈছে৷ আই এম ডিৰ মতে ২৮ ডিচেম্বৰৰ পৰা ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, দিল্লীত প্ৰচণ্ড শীত প্ৰৱাহৰ কবলত পৰিব বুলি আগলি বতৰা দিয়া হৈছে৷ নতুন ৱেষ্টাৰ্ন ডিষ্টাৰ্বেন্সৰ (পশ্চিমীয়া বিক্ষোভ) ফলত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে জম্মু আৰু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন ঠাইত হিমপাত হোৱাৰ সম্ভাৱনা আছে৷ উত্তৰ ভাৰতত তাপমাত্ৰা ৩-৫ ডিগ্ৰী চেলচিয়াছলৈ নমাৰ সম্ভাৱনা আছে বুলিও লগতে কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here