উত্তৰ-পূবৰ সৰ্ববৃহৎ ‘Pigs slaughter house’

0
2306
কভিডৰ এই ভয়াৱহতা আৰু চৌপাশৰ অত্যন্ত নিৰাশজনক খবৰবোৰে ভাৰাক্ৰান্ত কৰি ৰখা মানুহবোৰৰ বাবে আৰু সামগ্ৰিকভাৱে উজনি অসমৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ প্ৰতি এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ মাছমৰালি নামৰ এক ভিতৰুৱা অঞ্চলত মুকলিৰ বাবে সাজু হৈ উঠিছে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আৰু অত্যাধুনিক পিগ শ্লটাৰ হাউছটো৷ পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপত হ’বলগীয়া এই উদ্যোগটোত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব ৩০ শতাংশ৷ উল্লেখ্য যে এই শ্লটাৰ হাউছটোত প্ৰতিদিনে ৪০০ গাহৰিৰ পৰা ৪০০০ কিল’গ্ৰাম মাংস উলিওৱা হ’ব৷ এই ৪০০০ কিল’গ্ৰাম মাংসই কেৱল উজনিৰ চাহিদা পূৰোৱাই নহয়, ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ সহযোগত ইয়াৰ এক বৃহৎ অংশ ৰপ্তানি কৰা হ’ব দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশলৈ৷ উত্তৰাখণ্ডৰ এটা কোম্পানীয়ে এই অত্যাধুনিক শ্লটাৰ হাউছটো নিৰ্মাণ কৰি আছে আৰু প্ৰকল্পটোত তেওঁলোকৰ অংশীদাৰিত্ব হ’ল ৭০ শতাংশ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এই প্ৰকল্পটোত প্ৰতিদিনে প্ৰয়োজন হোৱা ৪০০ গাহৰিৰ প্ৰয়োজন পূৰাব লাগিব উজনি অসমৰ ১৫ হাজাৰ গাহৰি পালকে৷ স্বাভাৱিকতেই উজনিৰ গাহৰি পালকসকল এই বৃহৎ উদ্যোগটোৰ পৰা প্ৰচুৰ লাভৱান্বিত হ’ব৷ কেৱল তেওঁলোকৰ আৰ্থিক অৱস্থাই নহয়, সামগ্ৰিকভাৱে ৰাজ্যৰ অৰ্থনীতিৰ ভেটিও এই শ্লটাৰ হাউছটোৰ পৰা শক্তিশালী হৈ পৰাৰ সম্ভাৱনা আছে৷ কভিডে কঁকাল বেঁকা কৰি পেলোৱা কৃষি-নিৰ্ভৰ উজনিৰ পশুপালকসকলক উপকৃত কৰিব পৰাকৈ নাজিৰাৰ এই অত্যাধুনিক প্ৰকল্পটোত যাতে বিদ্যুতৰ নাটনি নাহে তাৰ বাবে ইয়াত এটা বিদ্যুতৰ উপকেন্দ্ৰও স্থাপন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here