উত্তৰ-পূবত কিমানলৈ বৃদ্ধি পাব উষ্ণতা?

0
911

চলিত মাহৰ পৰা মে’লৈকে দিনৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ আই এম ডিয়ে প্ৰকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি এই কথা জানিব পৰা গৈছে৷ আই এম ডিৰ মতে, মাৰ্চৰ পৰা মে’লৈকে উত্তৰ-পূৰ্বাঞ্চল, উত্তৰ আৰু পশ্চিম ভাৰতত দিনৰ ভাগত তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ অধিক হ’ব৷ অৱশ্যে মধ্য আৰু দক্ষিণ ভাৰতত তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ কম হ’ব৷ আই এম ডিৰ তথ্য মতে যোৱা মাহতো ইতিহাসৰ দ্বিতীয়টো আটাইতকৈ গৰম মাহ আছিল৷ যোৱা মাহত গড় সবোৰ্চ্ছ তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ ৪ ডিগ্ৰী চেলচিয়াছ অধিক আছিল৷ ইয়াৰ আগতে ২০০৬ চনত ফেব্ৰুৱাৰীত ইমান গৰম পৰিছিল৷ আনহাতে গড় সৰ্বনিম্ন তাপমাত্ৰাও ৬২ বছৰৰ ভিতৰত অধিক আছিল বুলি আই এম ডিয়ে প্ৰকাশ কৰে৷ যোৱা মাহটো দাক্ষিণাত্যত ১২২ বছৰৰ ভিতৰত আটাইতকৈ গৰম আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here